গৰৈমাৰীত ভয়ংকৰ অগ্নিকাণ্ড! শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু এজনৰ

গৰৈমাৰীত ভয়ংকৰ অগ্নিকাণ্ড! শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু এজনৰ

author-image
asomiyapratidin
New Update
গৰৈমাৰীত ভয়ংকৰ অগ্নিকাণ্ড! শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু এজনৰ

কামৰূপ জিলাৰ গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত খাৰিদলত দেওবাৰে নিশা প্ৰায় দহ বজাত বিধ্বংসী অগ্নিকাণ্ডত পৰিয়াল এটাৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে জীৱন্তে অগ্নিদগ্ধ হৈ এজন লোকৰ কৰুণভাৱে মৃত্যু ঘটে৷

Advertisment

জানিব পৰা মতে গৰৈমাৰীৰ খাৰিদল গাঁৱৰ গুলজাৰ হুছেইনৰ ঘৰত দেওবাৰে নিশা প্ৰায় দহ বজাত আকস্মিকভাৱে জুইৰ সূত্ৰপাত ঘটে৷

জুইয়ে ঘৰটো চাৰিওপিনৰ পৰা আগুৰি ধৰাত সেইসময়ত টোপনিত থকা গুলজাৰ হুছেইন জুইত আৱদ্ধ হৈ পৰে যাৰ ফলত থিতাতে মৃত্যু হয় লোকজনৰ৷

তাৰ পিছত স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে পৰিয়ালটোৰ গৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়৷

বিধ্বংসী অগ্নিকাণ্ডত পৰিয়ালটোৰ ঘৰৰ ভিতৰত থকা মূল্যৱান আচবাব পত্ৰ, ধান, চাউল, নগদ ধন, প্ৰয়োজনীয় নথি-পত্ৰসহ প্ৰায় ৫ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়৷

উল্লেখ্য যে মমবাতিৰ জুইৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷ নিশা গৰৈমাৰী আৰক্ষীয়ে অগ্নিদগ্ধত মৃত্যু হোৱা লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰেগ৷ গুলজাৰ হুছেইনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷

assam fire kamrup