/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/1c9edbd8-2f5e-4ee5-8118-2d2f9a7103f9.jpg)
ডিজিটেল সংবাদ, টীয়কঃ জুবিন গাৰ্গৰ বোলছবি কাঞ্চনজংঘাই ৰাইজৰ বিপুল সঁহাৰি লাভ কৰাৰ পাছত অহা ১১ অক্টোবৰত ছবিঘৰলৈ আহিব যতীন বৰাৰ ৰত্নাকৰ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰত ব্যস্ত থকা ৰত্নাকৰ অভিনেতা- অভিনেত্ৰী ক্ৰমে যতীন বৰা, বৰষাৰাণী বিষয়া, প্ৰযোজিকা নৱনিতা শৰ্মা বৰা, কণ্ঠশিল্পী চয়নিকা, শিশু শিল্পী হৰ্ষিতা ভট্টাচাৰ্যসহ কলা কুশলীসকলে বুধবাৰে প্ৰচাৰ চলালে টীয়ক জাতীয় বিদ্যালয়ত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/8e1f9f2b-83a7-4f28-8df9-609f295ea78f-1024x682.jpg)
টীয়ক চিনে ক্লাবৰ উদ্যোগত টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমীৰ সহযোগত অনুষ্ঠিত এই প্ৰচাৰ অভিযানত বহু লোক উপস্থিত থাকে। লোকে লোকাৰণ্য হৈ পৰিল টীয়ক জাতীয় বিদ্যালয়ৰ প্ৰাংগণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/6014f43f-05fb-4f7b-a80f-a7d598a14800-739x1024.jpg)
টীয়কৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰিত কৃতজ্ঞতা প্ৰকাশ কৰিলে টীম ৰত্নাকৰে। টীয়ক চিনে ক্লাবৰ সভাপতি সৌৰভ বৰা আৰু সম্পাদক ৰন্টু ভূঞাই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে টীয়কবাসী ৰাইজক ধন্যবাদ জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/5144ad39-5eb4-4f8a-be8a-d465fa6a1b59-1024x614.jpg)
উল্লেখযোগ্য যে, এই অনুষ্ঠানতে টীয়ক চিনে ক্লাৱৰ ফালৰ পৰা অসমীয়া চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ যতীন বৰাক টীয়কত এটা চিনেমা হলৰ ব্যৱস্থা কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰাৰ লগতে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ প্ৰতি নৱপ্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে অসমৰ বিভিন্ন ঠাইৰ লগতে টীয়কটো বিশেষ কৰ্মশালাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। অনুষ্ঠানটোত টীয়কৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত শিল্পী, সাহিত্যিক, টীয়ক প্ৰেছ ক্লাৱৰ বিষয়ববীয়া, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসহ বহু স্থানীয় ৰাইজ সমবেত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/54e2c0ca-fc50-49e1-902c-db960d4370da-707x1024.jpg)