টীয়কত লজ্জাজনক ঘটনা! উলংগ কৰি যুৱকক বৰ্বৰ আক্ৰমণ একাংশৰ...

সভ্য সমাজক লজ্জানত কৰা সংঘটিত হৈছে অসমত। এইবাৰ টীয়কত সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা

author-image
Asomiya Pratidin
New Update
টীয়কত লজ্জাজনক ঘটনা! উলংগ কৰি যুৱকক বৰ্বৰ আক্ৰমণ একাংশৰ...

ডিজিটেল ডেস্কঃ সভ্য সমাজক লজ্জানত কৰা সংঘটিত হৈছে অসমত। এইবাৰ টীয়কত সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। একাংশ উদণ্ড লোকে উলংগ কৰি এজন যুৱকক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

অভিযোগ অনুসৰি টীয়ক হাটখোলাৰ অজয় মাঝি নামৰ যুৱক জনে বৃহস্পতিবাৰে বিয়লি টীয়ক নগৰৰ নন্দনপুৰৰ মাজেৰে ঘৰলৈ বুলি পথেৰে গৈ আছিল। তেনে অৱস্থাত উক্ত অঞ্চলত তিনি/চাৰিজনীয়া এটা যুৱকৰ দলে অজয়ক আগুৰি গুৰুলা গুৰুলকৈ মাৰধৰ কৰি গাৰ কাপোৰ কানি খুলি অশ্লীল ভিডিঅ' প্ৰস্তুত কৰে ।

এই ঘটনাৰে সৈতে অঞ্চলটোৰ ৰন্টু , কানকান আৰু আন দুজন যুৱক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে । ঘটনা সন্দৰ্ভত অজয়ৰ পৰিয়ালে টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

কি কাৰণত যুৱকজনক এইদৰে বৰ্বৰভাৱে প্ৰহাৰ কৰিলে এই পৰ্যন্ত স্পষ্ট হোৱা নাই। আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত সত্য।

Also Read: কোনে, কিয় হত্যা কৰি পুতি থৈ গ'ল পুতুল আলীক?