/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/teok.jpg)
ডিজিটেল সংবাদ টীয়কঃ ৰাজ্যত নগৰাঞ্চলৰ তুলনাত গ্ৰামাঞ্চলত কোভিড সংক্ৰমণৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে । সাৰি যোৱা নাই যোৰহাটৰ টীয়কো।সমগ্ৰ যোৰহাট জিলাকে কন্টেইনমেন জ'ন ঘোষণা কৰাৰ পূৰ্বে ইতিমধ্যে টীয়কৰ গ্ৰামাঞ্চলত ৯ টাকৈ অঞ্চল কণ্টেইনমেইন জ'ন ঘোষণা কৰিছিল যোৰহাট জিলা প্ৰশাসনে । কিন্তু এই কণ্টেইনমেইন জ'নৰ ভিতৰৰ গাওঁবাসীৰ মাজত তীব্ৰ খাদ্য সংকটে দেখা দিছে।
ক্লিক কৰি পঢ়কঃদৰঙত আফ্ৰিকান চোৱাইন ফ্লুঃ হত্যা কৰি পুতি পলোৱা হৈছে গাহৰি
যি সময়ত ৰাজ্য চৰকাৰে কোভিডৰ ক্ষেত্ৰত সকলোকে খাদ্য সামগ্ৰীকে আদি কৰি বিভিন্ন সুবিধা দিয়াৰ কথা কৈ আহিছে সেই সময়তে টীয়কৰ উত্তৰ দুলীয়া গাঁৱৰ কণ্টেইনমেইন জ'নত বিগত ৯ টা দিনে আৱদ্ধ হৈ থকা গাঁওবাসী তীব্ৰ খাদ্য সংকটত ভুগিছে ।ফলত কণ্টেইনমেইন জ'ন ভংগ কৰি ওলাই অহাৰ হুংকাৰ প্ৰদান কৰিছে গাঁওবাসীয়ে।
উল্লেখযোগ্য যে টীয়কৰ উত্তৰ দুলীয়া গাঁৱৰ কণ্টেইনমেইন জ'নৰ লগতে আৰু বহু কেইটা কন্টেইনমেন্ট জ'নত আজি পযর্ন্ত খাদ্য যোগান নধৰাত খাদ্য সংকটে দেখা দিছে। কিন্তু প্ৰশাসন এই ক্ষেত্ৰত নিৰ্বিকাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us