কলিয়াবৰত ১৪৪ ধাৰা উংলঘা কৰি বাঘ চাবলৈ মানুহৰ ভিৰ, বাঘে আক্ৰমণ কৰাৰ আশংকা

কলিয়াবৰত ১৪৪ ধাৰা উংলঘা কৰি বাঘ চাবলৈ মানুহৰ ভিৰ, বাঘে আক্ৰমণ কৰাৰ আশংকা

ডিজিটেল ডেস্ক : কলিয়াবৰৰ চাহ বাগিচাত যিকোনো মুহুৰ্ততেই সংঘটিত হ'ব পাৰে এক ভয়ংকৰ দুৰ্ঘটনা । চাহ বাগিচাত বিচৰণ কৰি আছে এটি ঢেকীয়াপতীয়া বাঘে । যাৰ বাবে সমগ্ৰ অঞ্চলটিতেই এতিয়া এক আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । চাহ বাগিচাতো শ্ৰমিকসকলে এক আতংকৰ মাজত কৰ্মত নিয়োজিত হয় লগীয়া হৈছে ।

আনহাতে প্ৰশাসনে ১৪৪ ধাৰা জাৰী কৰিয়েই দায়িত্ব সামৰা যেন লগাৰ মাজতেই কিন্তু ১৪৪ ধাৰা উলংঘা কৰি বাঘ চাবলৈ যোৱা মানুহৰ ভিৰ বাঢ়ি অহাও পৰিলক্ষিত হৈছে । এনে অৱস্থাত যিকোনো মুহুৰ্ততেই বাঘ চাবলৈ অহা কোনো লোকৰ সৈতে বাঘ-মানুহৰ সংঘাতৰ আশংকা বাঢ়ি গৈছে ।

কিন্তু তেনে এক পৰিস্থিতিৰ উদ্ভৱ হ'লে দোষী কোন হ'ব সেই কথা যেন অনুধাৱণ কৰিব পৰা নাই জনসাধাৰণে । কিয়নো প্ৰশাসনে বাঘটোক আতৰাই নিবলৈ সক্ষম হোৱা নাই যদিও ৰাইজৰ সুৰক্ষাৰ্থে জাৰি কৰা হৈছিল ১৪৪ ধাৰা । ৰাজপথত নিয়োজিত কৰা হৈছিল সামৰিক বাহিনীও ।

তাৰ পাছতো সেই ধাৰা উলংঘ কৰা বাঘ চাবলৈ অহা মানুহৰ সংখ্যা প্ৰতি মুহুৰ্ততে বৃদ্ধি হৈ গৈ আছে । ফটকা ফুটাই অতৰাব বিচৰা বাঘটোৱে কোনো মুহুৰ্তত আতংক অথবা বিৰক্ত হৈ কাৰোবাক আক্ৰমণ কৰাৰ সম্ভাৱনা যথেষ্টে বেছি । তেনেক্ষেত্ৰত সৃষ্টি হোৱা হৈ চৈৰ মাজত নিশ্চয়কৈ আঘাতপ্ৰাপ্ত হ'ব কোনো লোক ।

কলিয়াবৰত ১৪৪ ধাৰা উংলঘা কৰি বাঘ চাবলৈ মানুহৰ ভিৰ, বাঘে আক্ৰমণ কৰাৰ আশংকা
উভতনি যাত্ৰা সম্ভৱ হ'ব নে ৰিয়ান পৰাগৰ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in