তীব্রবেগী বাহনৰ খুন্দাত থিতাতে প্ৰাণ গ'ল মনোৰঞ্জন দাস নামৰ যুৱকজনৰ

দেওবাৰে ৰঙিয়াত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিশাৰ ভাগত ৰঙিয়াৰ চেপ্তিত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজন লোকৰ।

author-image
Asomiya Pratidin
New Update
তীব্রবেগী বাহনৰ খুন্দাত থিতাতে প্ৰাণ গ'ল মনোৰঞ্জন দাস নামৰ যুৱকজনৰ

ডিজিটেল ডেস্কঃ দেওবাৰে ৰঙিয়াত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিশাৰ ভাগত ৰঙিয়াৰ চেপ্তিত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজন লোকৰ।

Advertisment

জানিব পৰা মতে, তীব্র বেগী বলেৰ’ বাহনে মহটিয়ালে ছুইফট বাহনত। যাৰ ফলত থিতাতে নিহত ছুইফটখনৰ চালক মনোৰঞ্জন দাস নামৰ যুৱকজন।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, আজিৰ দিনটোতেই ৰঙিয়াত দুটাকৈ শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। দিনৰ ভাগত হোৱা পথ দুৰ্ঘটনাটোত থিতাতে নিহত হৈছিল পিতৃ- কন্যা। এখন বিয়ালৈ গৈ থকা অৱস্থাত চুইফট বাহন খন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিছিল। যাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাইছিল শিৱ প্রসাদ বৰুৱা আৰু চন্দ্রমা বৰুৱাই।

Also Read: ''দেশৰ ৯৯.৯ শতাংশ লোকে সমকামী বিবাহৰ বিৰোধিতা কৰে''