/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-11/ne6qretk/4af6a0cb-9561-4513-b46c-f9d045f2fbc4.jpg)
ডিজিটেল সংবাদ, টেঙাখাতঃ ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনস্থ তথা দুলিয়াজান বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ টেঙাখাত অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে ২০১৪ চনতে স্থাপিত টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় খনত ১০ বছৰে অস্ত্ৰোপচাৰৰ সুবিধা নথকাত সৰ্বাধিক প্ৰসূতি মাতৃক ৩০ কিলোমিটাৰ দূৰত অৱস্থিত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদালয়লৈ প্ৰেৰণ কৰিব লগা হৈছিল যদিও শেহতীয়াকৈ চিকিৎসালয় খনলৈ প্ৰসূতি মাতৃ সকলৰ সুবিধা হোৱাকৈ চিজাৰিয়ান অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰি প্ৰথমটো সফলতা লাভ কৰিবলৈ সক্ষম হোৱাত জিলা স্বাস্থ্যবিভাগৰ কতৃপক্ষৰ লগতে টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আৰু টেঙাখাত খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ বিষয়া কৰ্মচাৰী উৎফুল্লিত হৈ পৰাৰ লগতে কৃষিপ্ৰধান বৃহত্তৰ টেঙাখাত অঞ্চলৰ সচেতন ৰাইজে সন্তুোষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ।
স্মৰ্তব্য যে , ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ ৰাজীৱ বৰুৱা টেঙাখাত খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ ৰশ্মি ঠাকুৰীয়া টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডাক্তৰ সংঘমিত্ৰা বৰা আৰু প্ৰসূতি বিভাগৰ চিকিৎসক ডাক্তৰ পাপৰি শইকীয়া আদিৰ ঐকান্তিক প্ৰচেষ্টা আৰু তৎপৰতাত চিকিৎসালয় খনত প্ৰথম বাৰৰ বাবে টেঙাখাতৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ দূৰৰ বুঢ়ীদিহিঙৰ কাষৰীয়া তেলপানী বনগাঁৱৰ বাসিন্দা ক্ষীৰ সোনোৱালৰ গৰ্ভবৰ্তী পত্নী তুলিকা সোনোৱালক ২৬ জুলাইত টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ প্ৰসূতী কক্ষত অস্ত্ৰোপচাৰৰ বাবে ভৰ্তি কৰোৱা হয় ।
পৰবৰ্তী সময়ত অৰ্থাৎ ২৯ জুলাইত প্ৰসূতী গৰাকীক ডাক্তৰ পাপৰি শইকীয়াৰ তত্বাবধানত ক্ৰমে মৰাণ তিলৈ আদৰ্শ চিকিৎসালয়ৰ স্ত্ৰীৰোগৰ বিশেষজ্ঞ ডাক্তৰ প্ৰভিনচন টিচু নাহৰণী আদৰ্শ চিকিৎসালয়ৰ বিশেষজ্ঞ ডাক্তৰ ৰাজলক্ষ্মী দেউৰীৰ লগতে নাহৰণী আদৰ্শ চিকিৎসালয়ৰ শিশু বিশেষজ্ঞ ডাক্তৰ অজিত স্বৰ্গীয়াৰী তথা কৰ্তব্যৰত অন্যান্য চিকিৎসা কৰ্মীৰ সহযোগত চিজাৰিয়ান অস্ত্ৰোপচাৰৰ জৰিয়তে প্ৰসূতী মাতৃ তুলিকা সোনোৱালৰ এটি পুত্ৰ সন্তান সফলতাৰে জন্ম দিয়াবলৈ সক্ষম হয় ।
উল্লেখিত চিজাৰিয়ানত এনান্থেথিচ তথা স্বাস্থ্য যুটীয়া সঞ্চালক ডাক্তৰ ৰাজীৱ বৰুৱা ডাক্তৰ সৌৰভ গগৈ ডাক্তৰ পাপৰি শইকীয়া নাৰ্চদীপশিখা গগৈ বিজু বৰ্মন তথা অন্যান্য বহু স্বাস্থ্য কৰ্মীয়ে পূৰ্ণ সহযোগ কৰে । ইফালে শুকুৰ বাৰে দিনত চিকিৎসালয় খনত এক চমু অনুষ্ঠানৰ জৰিয়তে প্ৰসূতী মাতৃ তথা নৱজাতকক ছুটি দিয়াৰ প্ৰাকক্ষণত চিকিৎসালয়খনত এখন বিশেষ সভা অনুষ্ঠিত হয় ।
ডাক্তৰ নাৰ্চ চিকিৎসা কৰ্মী সচেতন ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু উল্লেখিত অস্ত্ৰোপচাৰৰ মুখ্য উদ্যোক্তা ডাক্তৰ ৰাজীৱ বৰুৱা টেঙাখাত খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ৰশ্মি ঠাকুৰীয়া মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক সংঘমিত্ৰা বৰাই উল্লেখিত প্ৰথম সফলতাৰ আৰৰ কাহিনীৰ সম্পৰ্কে বৰ্ণনা কৰি বক্তব্য ৰখাৰ লগতে জড়িত সকলোলৈ ধন্যবাদ জনোৱাৰ উপৰি ভৱিষ্যত কৰ্মপন্থাত অগ্ৰহৰ হোৱাত তথা বিভিন্ন আৱশ্যকতাৰ ব্যাখ্যা কৰা তথা সকলোৰে সহযোগিতা কামনা কৰে ।
সভাত জিলা মুখ্য কাৰ্যালয় মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডিম্পী বৰঠাকুৰ ডি এম ই ডেইজী গগৈ বি চি এম বিশ্বজিত ফুকন আদি বহু চিকিৎসা কৰ্মী উপস্থিত থাকে ।অনুষ্ঠানত তুলিকা সোনোৱালৰ নৱজাতক সন্তানৰ জন্মৰ প্ৰমাণ পত্ৰ ৰাজহুৱা ভাবে প্ৰদান তথা সাজপাৰ বস্ত্ৰ সহ: কেইবাবিধো সামগ্ৰী উপহাৰ দিয়া পৰিলক্ষিত হয় । প্ৰসূতী মাতৃ তুলিকা সোনোৱাল তথা স্বামী ক্ষীৰ সোনোৱালে চিকিৎসক বিষয়া চিকিৎসা কৰ্মী সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।