উৰিয়ামঘাটৰ এই ঠাইত গধুৰ যান -বাহন চলাচল বন্ধ ঘোষণা…

উৰিয়ামঘাটৰ এই ঠাইত গধুৰ যান -বাহন চলাচল বন্ধ ঘোষণা…

author-image
asomiyapratidin
New Update
উৰিয়ামঘাটৰ এই ঠাইত গধুৰ যান -বাহন চলাচল বন্ধ ঘোষণা…

ডিজিটেল সংবাদ, উৰিয়ামঘাট: সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ উৰিয়ামঘাট পৰা ৰজাপুখুৰীলৈ যোৱা পথটোৱে ৰাইজক বিগত কেইবা বছৰো ধৰি জীয়াতু ভোগাই আহিছে। খৰালি কালত পথটোত অধিক ধূলি হোৱা পৰিলক্ষিত হৈ আহিছে।

Advertisment

ধূলিৰ বাবে জনসাধাৰনৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে। দৈয়াংৰ পৰা শিল ভৰ্তি ডাম্পাৰ চলাচল কৰাৰ ফলত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। চিকিৎসা সেৱাৰ জৰুৰীকালীন বাহন সমূহো পথটোৰ দুৰাৱস্থাৰ বাবে নিৰ্দিষ্ট সময়ত যাব নোৱাৰাৰ বাবে ৰোগীৰ অসুবিধাৰ সম্মুখীন হ'বলগীয়া হয়।

উল্লেখ্য যে অঞ্চলটোৰ কেইবাখনো বিদ্যালয়লৰ বিশেষকৈ অংছা জিলদৈ শ্যাম হাইস্কুল, নগা আলি প্ৰাথমিক বিদ্যালয় আৰু জন ভেনিছ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰিও একাংশ ৰেংমা সীমান্ত উচ্চ মাধ্যমিক বিদ্যালয় আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধাৰ সন্মুখীন হৈছে।পথটোৰ অৱস্থা অধিক শোচনীয় হোৱাৰ বাবে আজি (২৪ মে')ৰ পৰা পথটোত গধুৰ যান বাহন বন্ধৰ ঘোষনা কৰে।

আৰু পঢ়ক: "সাহিত্য জুহাল"ৰ আলোকচিত্ৰৰ অধাৰত ৰচিত কবিতা(০২)প্ৰতিযোগিতা সম্পন্ন…

assam uriamghat