সদনত গৃহীত নতুন বিধেয়কঃ চিম লোৱাৰ পূৰ্বে পঢ়ি লওক এই খবৰ...

দেশত ভুৱা চিম কাৰ্ডৰ জৰিয়তে প্ৰৱঞ্চনা আৰু অন্য ধৰণৰ অপৰাধমূলক কাম-কাজ বৃদ্ধি পাইছে।

author-image
Asomiya Pratidin
New Update
 সদনত গৃহীত নতুন বিধেয়কঃ চিম লোৱাৰ পূৰ্বে পঢ়ি লওক এই খবৰ...

ডিজিটেল ডেস্কঃ দেশত ভুৱা চিম কাৰ্ডৰ জৰিয়তে প্ৰৱঞ্চনা আৰু অন্য ধৰণৰ অপৰাধমূলক কাম-কাজ বৃদ্ধি পাইছে। এই সকলো কাণ্ডৰ বিৰুদ্ধে বিশেষ পদক্ষেপ লবলৈ আগবাঢ়িছে চৰকাৰে।

Advertisment

ইতিমধ্যে টেলিকম বিধেয়ক ২০২৩ সংসদৰ দুয়োখন সদনতে গৃহীত হৈছে। বিধেয়কখনৰ অধীনত ভুৱা চিম লোৱাৰ বাবে ৩ বছৰৰ কাৰাদণ্ড আৰু ৫০ লাখ টকালৈকে জৰিমনা বিহা হৈছে। এই বিধেয়কখনত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছত আইনত পৰিণত হ'ব।

এই বিধেয়কখন বুধবাৰে লোকসভাত আৰু বৃহস্পতিবাৰে ৰাজ্যসভাত গৃহীত হয়। এই বিধেয়কখনে চৰকাৰক ৰাষ্ট্ৰীয় সুৰক্ষাৰ কাৰণে যিকোনো টেলিকম সেৱা বা নেটৱৰ্ক অধিগ্ৰহণ, পৰিচালনা বা স্থগিত ৰখাৰ অনুমতি দিয়ে। যদি ৰাজহুৱা সুৰক্ষাৰ বাবে প্ৰয়োজন হয় তেন্তে চৰকাৰে টেলিকম নেটৱৰ্কত মেছেজ ৰাখি থব পাৰিব।

নতুন টেলিকমিউনিকেচন বিধেয়কে ১৩৮ বছৰ পুৰণি ইণ্ডিয়ান টেলিগ্ৰাফ আইনৰ স্থান ল'ব। বিধেয়কখনে ইণ্ডিয়ান ৱায়াৰলেচ টেলিগ্ৰাফ আইন, ১৯৩৩ আৰু টেলিগ্ৰাফ ৱায়াৰএক্ট, ১৯৫০ৰ স্থান ল'ব। বিধেয়কখনে টিআৰএআই আইন ১৯৯৭ সংশোধন কৰিব।

Also Read: গ্ৰেপ্তাৰ হোৱা যুৱক আলফা(স্বা)ৰ লগত জড়িত নহয়ঃ আৰক্ষীৰ কৰ্মক গৰিহণা বিদ্ৰোহী সংগঠনটোৰ

telecommunication bill