/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/abd28ecb-b769-4671-ab16-d2025ef8eaff/PRATIDIN.jpg)
ডিজিটেল ডেস্ক: Trends Pratidin Talent Huntত অংশ গ্ৰহণ কৰি ফাইনেললৈ বাছনি হৈছিল মাজুলীৰ তেজস্বীতা বৰুৱা। প্ৰতিদিন টাইমত সম্প্ৰচাৰ হোৱা অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি প্ৰথম ৰাউণ্ডতে অত্যন্ত ভাল প্ৰদৰ্শন কৰিছিল তেজস্বীতাই আৰু ফাইনেল ৰাউণ্ডৰ বাবে বাবে বাছনি হৈছিল।
তেজস্বীতাৰ কণ্ঠই মোহিত কৰিছিল বিচাৰক সকলক। এটাৰ পাছত আনটো গান গাই দৰ্শকৰ মন জয় কৰিছিল তেজস্বীতাই। কিন্তু গুৱাহাটীলৈ অহাৰ পূৰ্বেই অজান দেশলৈ গুচি গ'ল তেজস্বীতা।
গুৱহাটীলৈ আহিবৰ বাবে ৪ দিন পূৰ্বে পিতৃয়ে গাড়ী ক্ৰয় দিছিল পিতৃয়ে। কিন্তু সেই গাড়ীত উঠি আৰু গুৱাহাটীলৈ অহা নহ'ল তেজস্বীতাৰ। চিকিৎসকৰ হেমাহিৰ বাবে প্ৰাণ গ'ল তেজস্বীতাৰ।
তেজস্বীতাৰ মৃত্যুয়ে কন্দুৱাইছে মাজুলীবাসীৰ লগতে সমগ্ৰ অসমবাসীক। এক প্ৰতিভাৰ অকাল মৃত্যু হ'ল। তেজস্বীতাৰ মৃত্যুৰ বাবে চিকিৎসকক জগৰীয়া কৰিছে পিতৃয়ে। লগতে দলং থকা হেতেনে এনে হ'বলৈ নাপালে হেতেন বুলিও কয় পিতৃয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us