কোকৰাঝাৰৰ প্ৰিয়ংকা আঞ্চালীয়াৰ শিৰত টীন দিব্যা অৱ ইণ্ডিয়া গ্লোৱ, ২০১৯ৰ মুকুট

কোকৰাঝাৰৰ প্ৰিয়ংকা আঞ্চালীয়াৰ শিৰত টীন দিব্যা অৱ ইণ্ডিয়া গ্লোৱ, ২০১৯ৰ মুকুট

author-image
asomiyapratidin
New Update
কোকৰাঝাৰৰ প্ৰিয়ংকা আঞ্চালীয়াৰ শিৰত টীন দিব্যা অৱ ইণ্ডিয়া গ্লোৱ, ২০১৯ৰ মুকুট

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা মিছ এণ্ড মিছেছ ইণ্ডিয়া ইন্টাৰনেচনেল সৌন্দৰ্য প্ৰতিযোগিতাত কোকৰাঝাৰৰ প্ৰিয়ংকা আঞ্চালীয়াই টীন দিব্যা অৱ ইণ্ডিয়া গ্লোৱ, ২০১৯ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰোপৰি প্ৰিয়ংকাই বেষ্ট ফেচ অব দ্যা ইয়েৰ, ২০১৯ৰ খিতাপো আজুৰি আনিবলৈ সক্ষম হৈছে।

অতি কম বয়সতে সৌন্দৰ্য প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰিয়ংকাই পিতৃ-মাতৃৰ লগতে আত্মীয় স্বজনৰ উৎসাহ-উদ্দীপনাৰ বাবেই এয়া সম্ভব হ'ল বুলি জানিবলৈ দিছে৷ উল্লেখ্য যে, প্ৰিয়ংকা কোকৰাঝাৰ চহৰৰ নিৱাসী কমল আঞ্চালীয়া আৰু শীলা দেৱনাথ আঞ্চালীয়াৰ কন্যা৷