/asomiyapratidin/media/media_files/2025/05/04/VEjG2PZsOWZqjIcudkI0.jpg)
কৃতী শিক্ষক,সমাজসেৱক প্ৰদীপ হাজৰিকাৰ পৰলোকপ্ৰাপ্তি
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ কুঠৰীৰ বাঘমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক,সমাজ সংগঠক তথা সমাজসেৱক প্ৰদীপ হাজৰিকাই(৫৮) দেওবাৰে বিয়লি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ৷ কুঠৰী প্ৰদীপ পুথিভঁৰালৰ সভাপতি,শিল্পপ্ৰান চন্দ্ৰ ফুকন সোঁৱৰনী নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ কেইবাবছৰো সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰদীপ হাজৰিকাই কৃতী শিক্ষকৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল।
জনপ্ৰিয় তথা অতি শৃংখলাবদ্ধ ব্যক্তি হিচাপে পৰিগণিত কৃতী শিক্ষক গৰাকীৰ পৰলোকপ্ৰাপ্তি বৃহত্তৰ কুঠৰী অঞ্চলৰ বাৱেই অপূৰণীয় ক্ষতিৰূপে চিহ্নিত হৈছে ৷ সহধৰ্মীনিসহ দুগৰাকী পুত্ৰ সন্তান ইহ সংসাৰত এৰি থৈ যোৱা প্ৰদীপ হাজৰিকাৰ বিয়োগত মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকা, কুঠৰী প্ৰদীপ পুথিভঁৰাল, বাঘমাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সমাজ,কলিয়াবৰ প্ৰাথমিক শিক্ষক সন্মিলনী তথা বিভিন্ন ব্যক্তি অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে।