/asomiyapratidin/media/media_files/2025/01/16/nH4cE2UY9cwWKtYAjZRl.jpg)
ডিজিটেল সংবাদ চৰাইদেউঃ বিদ্যালয়ত অনিয়মীয়া উপস্থিতি আৰু বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ উদ্ধাৰ অভিযানত এইবাৰ নামি পৰিল চৰাইদেউ জিলাৰ এখন শিক্ষানুষ্ঠানৰ শিক্ষক -শিক্ষয়িত্ৰী। উল্লেখযোগ্য যে, বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ অন্যতম প্ৰধান উচ্চ শিক্ষানুষ্ঠান মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয়খনত নাম ভৰ্তি কৰা, অনিয়মীয়া উপস্থিত থকা আৰু আধাতে বিদ্যালয় ত্যাগ কৰা মথুৰাপুৰ চাহ বাগিচাৰ শিক্ষাৰ্থীসকলক বিদ্যালয়খনলৈ অহাৰ ব্যৱস্থা কৰিবলৈ মথুৰাপুৰ চাহ বাগিচাৰ শ্ৰমিক লাইনে লাইনে বিচাৰি ফুৰা ব্যতিক্ৰমী দৃশ্যই বিভিন্ন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে।
উল্লেখ্য যে বিদ্যালয়খনিৰ প্ৰায় ৮০ শতাংশ শিক্ষাৰ্থী মথুৰাপুৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ সন্তান। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় এয়ে যে এই ছাত্ৰ-ছাত্ৰীসকলৰ সৰহ সংখ্যকেই বিদ্যালয়ত নামভৰ্তি কৰাৰ পাছত বিদ্যালয়ত উপস্থিতি অনিয়মীয়া হোৱাৰ লগতে কিছু সংখ্যকে বিদ্যালয়ৰ দুই এটা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতে বিদ্যালয় ত্যাগ কৰে।
যাৰ বাবে শিক্ষক- শিক্ষয়িত্ৰীসকলে এনে শিক্ষাৰ্থীক বিচাৰি প্ৰায়ে অভিযান চলাই আহিছে। ইফালে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অহা ১৭ আৰু ২০ জানুৱাৰীত গুণোৎসৱৰ আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে আজি মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনিয়মীয়া আৰু বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীসকলক বিচাৰি মথুৰাপুৰ চাহ বাগিচাত এক সজাগতা অভিযান চলাই সংশ্লিষ্ট শিক্ষাৰ্থীসকলক বিদ্যালয়লৈ পঠাবলৈ অভিভাৱকসকলক অনুৰোধ জনাই বুলি জানিব পৰা গৈছে।