/asomiyapratidin/media/media_files/2025/05/17/ydJsMBpWn3aIaMgNZMlM.jpg)
অমিয়া ডেকা আৰু ৰীতা হাজৰিকাক বিদায় সম্ভাষণ
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ ডিমৌ চাৰিআলিস্থিত ঐতিহ্যমণ্ডিত শালমৰা হাইস্কুলত দুগৰাকী সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অমিয়া ডেকা আৰু ৰীতা হাজৰিকাক বিদ্যালয়ৰ তৰফৰ পৰা বিদায় সম্ভাষণ জনোৱা হয়। শিক্ষাবিদ মহেশ্বৰ দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্ধনা সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে কয় যে, ভাৰতবৰ্ষত প্ৰাচীন কালৰে পৰা গুৰুক উচ্চ স্থান দিয়া হৈছে । শিক্ষাগুৰু ঈশ্বৰে প্ৰেৰণ কৰা দূত।
বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক সুজিত বৰদলৈয়ে আঁতধৰা সভাখনিত বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি পদ্ম গোস্বামী, শিল্পী পেঞ্চনাৰ পৰাণ চন্দ্ৰ দাস, বৰ্ষীয়ান সমাজকৰ্মী কেশৱ ৰাজাই সাৱলীল ভাষণ প্ৰদান কৰে। প্ৰধান শিক্ষক খগেন মুক্তিয়াৰে উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ প্ৰদান কৰা সভাখনিত কৃতী শিক্ষয়িত্ৰী অমিয়া ডেকা আৰু ৰীতা হাজৰিকাক শৰাই, গামোছা, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা, এজোৰ অসমীয়া পৰম্পৰাগত সাজেৰে সম্বৰ্ধনা জনোৱা হয়। লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও গ্ৰন্থৰ টোপোলা, জাপি আৰু ফুলৰ থোপাৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দুগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে।
সভাত সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী অমিয়া ডেকাই কয় যে "৭০ ৰ দশকতে অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত বিদ্যাৰ্থী অনুষ্ঠানৰ যোগেদি উপকৃত হৈছিলোঁ আৰু পৰৱৰ্তী ৯০ দশকত নিজে পঢ়া বিদ্যালয়তে শিক্ষয়িত্ৰী হিচাপে যোগদানৰ সুযোগ লাভ কৰিছিলোঁ ।" লগতে তেওঁ কয় যে, ছাত্ৰক মানৱ সম্পদ হিচাপে গঢ়ি তোলাই শিক্ষকৰ প্ৰধান কৰ্তব্য। অন্যহাতে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰীতা হাজৰিকাই উল্লেখ কৰে যে, ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়নত মনোনিবেশ কৰিব লাগে । লগতে ছাত্ৰ-ছাত্ৰী সকললৈ ম'বাইলৰ সদ-ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই ।
উল্লেখ্য যে, এই গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিশিষ্ট সমাজকৰ্মী ভবেন্দ্ৰ বাগীশ, তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বকুল চন্দ্ৰ দেউৰী, পূৰ্ণকান্ত বৰা, প্ৰফুল্ল বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক নিৰ্মল শইকীয়া, দুলু বৰুৱা, জ্যোতিপ্ৰসাদ ডেকা, নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি তুলেন্দ্ৰ পাটৰ, পৰমানন্দ হাজৰিকা, পংকজ দাস, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জিনু ৰাজখোৱা, কনকলতা দেৱী, শালমৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী ববিতা মেধি শৰ্মা, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ, পৰিচালনা সমিতিৰ সদস্যসকল, ছাত্র-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।