জীৱনৰ ২৮টা বছৰে বিনাবেতনে অৱসৰগ্ৰহণ শিক্ষক খৰ্গেশ্বৰ নেওগৰ

জীৱনৰ ২৮টা বছৰে বিনাবেতনে অৱসৰগ্ৰহণ শিক্ষক খৰ্গেশ্বৰ নেওগৰ

ডিজিটেল সংবাদ,গোলাঘাটঃ দৰমহা অবিহনে শিক্ষকতা এগৰাকী শিক্ষকৰ। নিজৰ জীৱনৰ সুদীৰ্ঘ ২৮ টা বছৰ দৰমহা অবিহনেই ছাত্ৰ ছাত্ৰীৰ বাবে উৎসৰ্গা। তেঁও হৈছে গোলাঘাট জিলাৰ পুৰণি মাটি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক খৰ্গেশ্বৰ নেওগ।

সুদীৰ্ঘ ২৮ বছৰে বিনাবেতনে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিজকে সপি দি ১৮ ফেব্ৰুৱাৰীত বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে ওৰেটো জীৱন পাৰিতোষিক অবিহনেই নিয়মিতভাৱে শিক্ষকতা কৰি অহা এইগৰাকী শিক্ষকৰ কিছু দিন আগতেহে চাকৰি নিয়মীয়া হৈছিল।

গণিত বিষয়ত শিক্ষাদান কৰি অতিশয় জনপ্ৰিয় হৈ পৰা এইগৰাকী শিক্ষকক যোৱা ১৮ ফেব্ৰুৱাৰীত ছাত্ৰ ছাত্ৰী,শিক্ষক, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আদিয়ে বিদায় সম্ভাষণ জনায়। দীৰ্ঘদিন ধৰি দেৰগাঁৱৰ আফুৱাগাঁৱৰ পৰা পুৰণিমাটিলৈ এখন চাইকেলেৰে কেইবা কিলোমিটাৰ পথ অহা যোৱা কৰি নি:স্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা এই শিক্ষক গৰাকীৰ বিদায় অনুষ্ঠান অনুষ্ঠিত হ'ল কিছু ব্যতিক্ৰমীভাৱে।

বিদায় অনুষ্ঠানৰ লগত সংগতি ৰাখি শিক্ষক গৰাকীৰ প্ৰাক্তন ছাত্ৰ আৰু শুভাকাংক্ষীৰ সকলৰ মনৰ কথাৰে প্ৰকাশ কৰা হ'ল এখনি অভিনন্দন গ্ৰন্থৰ মাজেৰে। এক গাম্ভীৰ্য পূৰ্ণ পৰিবেশত অনুষ্ঠিত হোৱা বিদায় অনুষ্ঠানত শিক্ষকগৰাকীৰ জীৱন আৰু কৰ্ম সম্পৰ্কে বহলাই আলোক পাত কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in