ৰাজ্যৰ শিক্ষা বিভাগত চাকৰিঃ শীঘ্ৰে বিভাগে নিযুক্তি দিব প্ৰায় ৩০ হাজাৰ শিক্ষক..

ৰাজ্যৰ শিক্ষা বিভাগত চাকৰিঃ শীঘ্ৰে বিভাগে নিযুক্তি দিব প্ৰায় ৩০ হাজাৰ শিক্ষক..

author-image
asomiyapratidin
New Update
ৰাজ্যৰ শিক্ষা বিভাগত চাকৰিঃ শীঘ্ৰে বিভাগে নিযুক্তি দিব প্ৰায় ৩০ হাজাৰ শিক্ষক..

ডিজিটেল ডেস্কঃ শীঘ্ৰে ৰাজ্যৰ শিক্ষা বিভাগত হ'ব বৃহৎ নিযুক্তি।২২,৯২১ টা শিক্ষকৰ পদত শিক্ষক নিযুক্তি দিবলৈ প্ৰস্তুত হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। এই বিষয়ে বিধানসভাত শুক্ৰবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উল্লেখ কৰিছে।

Advertisment

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত খালী হৈ আছে ১০ হেজাৰ শিক্ষকৰ পদ। আনহাতে মাধ্যমিক বিদ্যালয়ত খালী হৈ আছে ১২,৯২১ টা শিক্ষকৰ পদ। এই পদসমূহত শীঘ্ৰে নিযুক্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এই নিযু্ক্তি সম্পূৰ্ণ নতুন নিযুক্তি হ'ব। ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰা প্ৰসংগ এই নিযুক্তিৰ সৈতে কোনো কাৰণতে জড়িত নহয়।

মন্ত্ৰী গৰাকীয়ে লগতে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ অনুপাতৰ অসামাঞ্জস্য দূৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰিছে। ৰাজ্যৰ একাংশ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষকৰ সংখ্যা কম হোৱাৰ লগতে একাংশ বিদ্যালয়ত শিক্ষকৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম আছে। এই অসামাঞ্জস্য দূৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব। প'ৰ্টেলৰ জৰিয়তে শিক্ষক বদলিকৰণৰ সময়ত এই দিশটো চাব শিক্ষা বিভাগে।