বিদ্যালয়ৰ তথ্য গুগল লিংক নকৰে শিক্ষকেঃ সদস্য সচিব পদৰ পৰা বিচাৰিছে অব্যাহতি…

বিদ্যালয়ৰ তথ্য গুগল লিংক নকৰে শিক্ষকেঃ সদস্য সচিব পদৰ পৰা বিচাৰিছে অব্যাহতি…

author-image
asomiyapratidin
New Update
২০ জিলাৰ ১৭১০ খন বিদ্যালয় বন্ধ কৰিলে শিক্ষা বিভাগেঃ বন্ধ হোৱা শিক্ষানুষ্ঠানৰ তালিকা আৰু অধিক দীঘল হোৱাৰ সম্ভাৱনা…

ডিজিটেল সংবাদ মানকাচৰঃ মানকাচৰত বিদ্যালয়ৰ তথ্য গুগল লিংক কৰাক লৈ শিক্ষা বিভাগৰ জিলা মিছন সমন্বয়কৰ বিৰুদ্ধে অব্যাহত আছে চৰকাৰী শিক্ষকৰ ক্ষোভ। ১৮০ গৰাকী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পাছত এইবাৰ জিলাখনৰ ৩৫খন মধ্য ইংৰাজী বিদ্যালয়ৰ সদস্য সচিব (ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক) পদৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত লৈছে।

Advertisment

আনহাতে জিলা পৰ্যায়ত কেন্দ্ৰীয় ভাবে কাইলৈ পালন কৰিবলগীয়া শিক্ষক দিৱসত অংশগ্ৰহণ নকৰাৰো সিদ্ধান্ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলৰ। উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাত শিক্ষা বিভাগৰ জিলা মিছনৰ সমন্বয়কে প্ৰতিখন বিদ্যালয়ত প্ৰতিদিনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীৰ উপস্থিতৰ তথ্য দিনৰ ১১ বজাৰ পূৰ্বে গুগল লিংকত পূৰণ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে।

জিলা শিক্ষা বিভাগৰ এই নিৰ্দেশনাৰ পাছতেই জিলাখনৰ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল জাঙুৰ খাই উঠিছে। শিক্ষা বিভাগৰ জিলা মিছন সমন্বয়কৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি কালি দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এখন জৰুৰী সভা অনুষ্ঠিত কৰে।

হাটশিঙিমাৰী মহাবিদ্যালয়ত এই জৰুৰী সভা অনুষ্ঠিত কৰি ১৮০ গৰাকী প্ৰাথমিক বিদ্যালয়ৰ সদস্য সচিবৰ দায়িত্বত তথা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলে নিজৰ পদৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে ১১০ গৰাকী প্ৰধান শিক্ষকে এই পদৰ পৰা অব্যাহতি পত্ৰ শিক্ষা বিভাগক জমা কৰিছে বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ পাছত আজি জিলা মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সন্থাই মানকাচৰ সোনাপুৰ হাই স্কুলত এখন জৰুৰী সভাৰ আয়োজন কৰে। জিলা খনৰ মুঠ ৩৫ খন মধ্য ইংৰাজী বিদ্যালয়ৰ সদস্য সচিবেও ( ভাৰপ্ৰাপ প্ৰধান শিক্ষক) জিলা মিছন সমন্বয়কৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে। শিক্ষক সকলে গুগল লিংকৰ কাম নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰি এই সদস্য সচিব পদৰ পৰা অব্যাহতি বিচাৰিছে।

মন কৰিবলগীয়া যে, জিলাখনত শিক্ষকৰ অভাৱত দিনক দিনে শিক্ষা ব্যৱস্থা নিম্নগামী হৈ অহা বিষয়টো চৰকাৰ, জিলা প্ৰশাসনে গুৰুত্ব নিদি প্ৰধান শিক্ষকসকলক বিভিন্ন প্ৰকাৰে জিলা প্ৰশাসন, জিলা শিক্ষা বিভাগে হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে।

ইয়াৰ মাজতে এটাৰ পাছত আন এটা অতিৰিক্ত কাম প্ৰধান শিক্ষকক জাপি দিয়াত প্ৰধান শিক্ষকে ছাত্ৰ-ছাত্ৰীক পাঠদান দিব পৰা নাই। গতিকে প্ৰধান শিক্ষকসকলে এনে অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি লৈ কেৱল শৈক্ষিক দিশত গুৰুত্ব দিয়াৰ দাবী কৰে।

মন কৰিবলগীয়া যে, মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকসকলে আজি দুপৰীয়া আহাৰৰ খেলিমেলিৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। অভিযোগ মতে বিদ্যালয়সমূহত দুপৰীয়া আহাৰৰ নামত সমবায় সমিতিয়ে প্ৰতিজন ছাত্ৰৰ বাবদ আবন্টন দিয়া চাউলৰ পৰা ২০০ গ্ৰামকৈ চাউল সমবায় সমিতিয়ে কৰ্তন কৰে।

জিলাখনৰ প্ৰতিজন ছাত্ৰৰ নামত অহা এই ২০০ গ্ৰামকৈ চাউল সমবায় সমিতিয়ে কৰ্তন কৰি চাউল খিনি আত্মসাত কৰাৰ অভিযোগ দীর্ঘ দিনীয়া। প্ৰশ্ন হয়, কিয় সমবায় সমিতিয়ে ছাত্ৰ-ছাত্ৰীৰ নামত অহা চাউল কৰ্তন কৰে ? কৰ্তন কৰা চাউল খিনিৰ লাভালাভ কোনে লাভ কৰে সেয়া পৰৱৰ্তী সময়ত সবিস্তাৰে প্ৰকাশ কৰা হ'ব।