বিভিন্ন সমস্যা সমাধানৰ দাবীত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ…

বিভিন্ন সমস্যা সমাধানৰ দাবীত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
বিভিন্ন সমস্যা সমাধানৰ দাবীত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা: মঙলবাৰে মাৰ্ঘেৰিটাৰ ডিৰক চাহ বাগিচা চাহ শ্রমিকৰ প্রতিবাদত উত্তাল হৈ পৰে । বিভিন্ন সমস্যা সমাধানৰ দাবীত প্রায় চাৰিশ শ্রমিকে বাগিচাৰ কাম কাজ বন্ধ কৰি ডিৰক বাগানৰ ফেক্টৰী আৰু কাৰ্যালয় ঘেৰাও কৰি প্রতিবাদ সাব্যস্ত কৰে।

Advertisment

চাহ শ্রমিক সকলক উপযুক্ত মজুৰি দিয়া নিদিয়া, ৰেচন কৰ্তন বন্ধ কৰা, বাগিচাত প্ৰয্যাপ্ত চিকিৎসা সেৱা লাভ নকৰাৰ, অস্থায়ী শ্ৰমিক সকলক দীৰ্ঘদিন ধৰি স্থায়ী কৰন নকৰা, শ্ৰমিক আইন অনুসৰি ৮ ঘণ্টা শ্ৰমৰ বিপৰীত অধিক সময় শ্ৰমত নিয়োজিত কৰা , উপযুক্ত হাজিৰা প্ৰদান নকৰা, শ্ৰমিক সকলৰ প্ৰয়োজনীয় গৰম পানী প্ৰদান নকৰাকে ধৰি কেইবাটাও সমস্যা সমাধানৰ দাবীত আজি ডিৰক চাহ বাগিচাৰ শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

পৰিস্থিতি নিয়নন্ত্ৰৰ বাবে আৰক্ষী তথা অৰ্ধ সামৰিক বাহিনি মোতায়েন কৰিব লগা হয়। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰাপ্ৰাপ্ত বিষয়া, ৰাজহ চক্ৰ বিষয়া আদি উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রন কৰে। পাছত বাগিচা কতৃপক্ষ আৰু শ্রমিক প্রতিনিধিৰ লগতে আদিবাসী ছাত্র সংগঠনৰ প্রতিনিধিৰ মাজত হোৱা আলোচনাৰ মৰ্মে বাগিচা কতৃপক্ষই লিখিত ভাবে প্ৰতিশ্ৰুতি দিয়াত পৰিবেশ শান্ত হয় যদিও বৰ্তমানেও চাহ বাগিচাখনত চেপা উত্তেজনা বিৰাজ কৰি আছে। চাহ বাগান কৰ্তৃপক্ষই অনতিপলমে চাহ শ্ৰমিক সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ'ব।

আৰু পঢ়ক: তিতাবৰত আলফাৰ নামত ধন দাবী কৰা দুই যুৱকক গ্ৰেপ্তাৰ

assam MARGHERITA protest