/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/df5bd147-e618-4a5a-8f38-3b5fa4f42bca/WhatsApp_Image_2022_09_06_at_02_27_36.jpeg)
ডিজিটেল সংবাদ বোকাখাতঃ কৰম পৰবৰ দিনাই বোকাখাতৰ হাতীখুলী চাহ বাগিচাত শ্ৰমিকৰ অভিনৱ প্ৰতিবাদ । কলঘৰৰ সমুখতে মাদলৰ তালে তালে ঝুমুৰ নৃত্য পৰিৱেশন কৰি শ্ৰমিকে সাব্যস্ত কৰে এই প্ৰতিবাদ কাৰ্যসূচী।
চাহ শ্ৰমিকসকলৰ দাবীৰ পৰিপেক্ষিতত ৰাজ্য চৰকাৰে ভাদ মাহৰ একাদশীৰ দিনটো অৰ্থাৎ মংগলবাৰৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে ৷ কিন্তু, তাৰ পাছতো এই বন্ধৰ দিনটোত অসমৰ চাহ শ্ৰমিকসকলৰ মজুৰি বন্ধ কৰাৰ প্ৰতিবাদত আজি অসম চাহ জনজাতিৰ ছাত্ৰ সন্থাৰ নেতৃত্বত হাতীখুলি চাহ বাগিচাৰ কল ঘৰৰ সন্মুখত শ শ শ্ৰমিক উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে
হাতে হাতে কৰম ডাল লৈ শ্ৰমিকসকলে চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us