কিছু সকাহ! বৃদ্ধি পালে চাহ শ্ৰমিকৰ দৈনিক মজুৰি...

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনটোতে চাহ শ্ৰমকিক কিছু সকাহ প্ৰদান কৰিলে অসম চৰকাৰে। চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া মজুৰি বৃদ্ধিৰ দাবীৰ প্ৰতি সহাৰি অসম চৰকাৰৰ।

author-image
Tushar Pratim
New Update
কিছু সকাহ! বৃদ্ধি পালে চাহ শ্ৰমিকৰ দৈনিক মজুৰি...

ডিজিটেল ডেস্কঃ আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনটোতে চাহ শ্ৰমকিক কিছু সকাহ প্ৰদান কৰিলে অসম চৰকাৰে। চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া মজুৰি বৃদ্ধিৰ দাবীৰ প্ৰতি সহাৰি জনাই অসম চৰকাৰে দৈনিক মজুৰি ২৫০ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

Advertisment

আজি যোৰহাটত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা এই সিদ্ধান্ত অহা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। অসম চাহ নিগম লিমিটেডৰ অধীনস্থ চাহ শ্ৰমিকসকলে অহা ১ অক্টোবৰৰ পৰা দৈনিক মজুৰি ২৫০ টকা লাভ কৰিব। 

উল্লেখ্য যে, চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১.৩৩ টকা কৰাৰ দাবী আছিল দীৰ্ঘদিনীয়া।২০১৮ চনতেই চাহ শ্ৰমিকৰ নূন্যতম মজুৰি নিৰ্ধাৰণৰ বাবে অসম চৰকাৰে এখন মজুৰি উপদেষ্টা ব’ৰ্ড গঠন কৰিছিল। সেই উপদেষ্টা ব’ৰ্ডৰ বৈঠকত অসমৰ শ্ৰম আয়ুক্তই চাহ শ্ৰমিকৰ নূন্যতম মজুৰি ৩৫১.৩৩ টকা কৰাৰ প্ৰস্তাৱ দাখিল কৰিছিল। 

কিন্তু চৰকাৰে সেই প্ৰস্তাৱৰ বিপৰীতে ২০১৮ চনৰ ৩ আগষ্টত অন্তৱৰ্তীকালীন মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে। পিছত ২০২১ চনৰ জুন মাহত দৈনিক ৩৮ টকাকৈ অন্তৱৰ্তীকালীন মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে। পিছত ২০২২ চনৰ আগষ্টত পুনৰ অন্তৱৰ্তীকালীন ভাৱে মজুৰৈ ২৭ টকা বৃদ্ধি কৰে। 

আজি অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছত এতিয়া অসম চাহ বাগিচা শ্ৰম আইনে সামৰি লোৱা ৯৩২ খন চাহ বাগিচাৰ ১১ লাখ শ্ৰমিকে দৈনিক ২৫০ টকাকৈ মজুৰি লাভ কৰাটো নিশ্চিত হৈছে। উল্লেখ্য যে, চাহ বাগিচা আইনে সামৰি নোলোৱা শ্ৰমিকো আছে প্ৰায় ৫ লাখৰো অধিক।

আজি কেবিনেট বৈঠকৰ এই সিদ্ধান্তৰ কথা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘’অসম চাহ কোম্পানী লিমিটেডৰ চাহ শ্ৰমিকসকলৰ বাবে ১ অক্টোবৰ, ২০২৫ৰ পৰা দৈনিক মজুৰি বিদ্যমান ২২০ টকাৰ পৰা বৃদ্ধি কৰি ২৫০ টকাকৈ প্রদান কৰা হ’ব। এয়া চাহ উদ্যোগৰ সবলীকৰণত আমাৰ দায়বদ্ধতা আৰু চাহ জনগোষ্ঠীয় লোকৰ বাবে কল্যাণত আমি আগবঢ়োৱা প্রতিশ্রুতিৰ এক পূর্ণতাৰ পদক্ষেপ।‘’

স্মৰ্তব্য অসমৰ চাহ উদ্যোগে ২০০ বছৰত ভৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰে একাধিক সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা সময়ত সৰুসজাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত মেগা ঝুমুৰ অনুষ্ঠিত কৰি বিশ্ববাসীক চাহ বাগিচাৰ সৈতে সম্পৰ্কিত এই চহকী সংস্কৃতি দেখুওৱাৰ পিছত ৭ লাখ চাহ শ্ৰমিকক এককালীন ভাৱে ৫ হাজাৰকৈ টকাৰ আৰ্থিক অনুদান দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছিল।

আজিৰ কেবিনেটে অসম চাহ বাগিচাৰ কৰ্মচাৰীৰ মজুৰি ৩৫১.৩৩ টকালৈ বৃদ্ধিৰ যি দাবী সেই দাবীক সম্পূৰ্ণকৈ কাৰ্যকৰী নকৰিলেওঁ দৈনিক মজুৰি ২৫০ টকালৈ বৃদ্ধিৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে সেই সিদ্ধান্তই চাহ শ্ৰমিকসকলক কিছু পৰিমাণে সকাহ প্ৰদান কৰিব বুলি আশা কৰিছে ভিন্নজনে। 

ড০ হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ কেবিনেট বৈঠক চাহ শ্ৰমিক