টাই আহোম যুৱ পৰিষদৰ স্বাধীনতা দিৱস উদযাপন…

টাই আহোম যুৱ পৰিষদৰ স্বাধীনতা দিৱস উদযাপন…

author-image
asomiyapratidin
New Update
টাই আহোম যুৱ পৰিষদৰ স্বাধীনতা দিৱস উদযাপন…

ডিজিটেল ডেস্ক: সোমবাৰে পুৱা ৯:০০ বজাত টাই আহোম যুৱ পৰিষদ অসম কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত নটবমা চুকাফা নগৰৰ চেংৰেনৰ প্ৰাংগনত স্বাধীনতা দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানটি আতঁ ধৰে টাই আহোম যুৱ পৰিষদ অসম কামৰূপ মহানগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক মানচাও বিশ্বজ্যোতি ফুকনে ।

Advertisment

অনুষ্ঠানটিত জাতীয় পতাকা উত্তোলন কৰে টাই আহোম যুৱ পৰিষদ অসম ৰ ৰাজ্যিক মুখপাত্ৰ মানচাও গুণকান্ত গগৈ ডাঙৰীয়াই। জাতীয় পতাকা উত্তোলনৰ লগে লগে সকলো সমবেত হৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে।
অনুষ্ঠানটিত মুখপাত্ৰ গুণকান্ত গগৈয়ে জনগোষ্ঠীটো তথা সকলো অসমবাসী ৰাইজক ৭৬ তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

লগতে আজি এই স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোত যি সকল বীৰ বীৰংগনাৰ তেজৰ বিনিময়ত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল সেই বীৰ বীৰাংগনা আৰু শ্বহীদসকলক কৃতজ্ঞতা আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি একেডাল সমন্বয়ৰ এনাজৰীৰে বান্ধি সমাজ খন আগুৱাই নিবৰ বাবে সকলোকে আহ্বান জনায় ৷ লগতে উঠি অহা যুৱ প্ৰজন্মক দেশৰ প্ৰতি জাতিৰ প্ৰতি উচৰ্গা মনোভাৱেৰে আগবাঢ়ি আহিবৰ বাবে আৰু প্ৰতিজন নাগৰিকৰ অন্তৰে অন্তৰে দেশ প্ৰেম জীয়াই ৰাখিবৰ বাবে আহ্বান জনায় ৷

আৰু ১৫ আগষ্টৰ পিছত জাতীয় পতকাৰ অনাদৰ হয় তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ সকলো অসমবাসীক আহ্বান জনায়। অন্যহাতে তেওঁৰ বক্তব্যত এই চৰকাৰৰ দিনত গনতন্ত্ৰৰ প্ৰতি ভাবুকি নামি অহাৰ কথা কৈছে ৷ সৰ্বসাধাৰণৰ বাক স্বাধীনতা কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন কৰে ৷

অনুষ্ঠানটিত টাই আহোম যুৱ পৰিষদ অসম কামৰূপ মহানগৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মানচাও মৃদুল কোঁৱৰ ডাঙৰীয়া ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ সময়ৰ লৈকে অসমৰ যিদৰে উন্নতি হ'ব লাগিছিল সেয়া যেন সম্ভৱ হৈ উঠা নাই ৷ অসমক আজিও কিন্তু দিল্লীয়ে মাহীআইৰ দৃষ্টিৰে চোৱা পৰিলক্ষিত হয় ৷ স্বাধীনতা ৭৫টা বছৰ সম্পূৰ্ণ হ'ল কিন্তু আজিও অসমৰ বানপানীৰ সমস্যাক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নিদিলে, অসমৰ ছয় জনগোষ্ঠীৰ জনজাতি সমস্যা সমাধান নকৰিলে ৷

অনুষ্ঠানটিত পূৱ গুৱাহাটীৰ ডিচিপি সুধাকৰ সিং ডাঙৰীয়া, কামৰূপ মহানগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক মানচাও জিতু গগৈ ডাঙৰীয়া, কামৰূপ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মানচাও দেৱজিৎ বুঢ়াগোহাঁই ডাঙৰীয়া, উপ-সভাপতি মানচাও অভিষেক কোঁৱৰ ডাঙৰীয়া,মানচাও পিংকু গগৈ ডাঙৰীয়া,মানচাও বিশ্বজিৎ ফুকন ডাঙৰীয়া,মানচাও নিতু বৰা ডাঙৰীয়া, কামৰূপ মহানগৰ জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মানচাও পাৰ্থ বৰা ডাঙৰীয়া আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক মানচাও সূৰ্য গগৈ ডাঙৰীয়া আৰু সাংগঠনিক সম্পাদক মানচাও পাৰ্থ গগৈ ডাঙৰীয়া, কামৰূপ মহানগৰ জিলা সমিতিৰ অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে। টাই আহোম যুৱ পৰিষদ অসমৰ কামৰূপ জিলাৰ উপসভাপতি মানচাও বিশ্ব ফুুকন ডাঙৰীয়াই বিশেষ ভাৱে বৰ্ণ বৈষম্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেখেতৰ বক্তব্য আগবঢ়ায়।

আৰু পঢ়ক: 'মেৰা নাম জোকাৰ'ৰ বাৰ্মিজ অনুবাদক তথা সাহিত্যিক মাউং পাও টুনৰ মৃত্যু…

assam independence day taypa