চাকৰি এৰি কংগ্ৰেছত যোগদান ৰাজপত্ৰিত বিষয়াৰ পল্লবী শইকীয়াৰ

চাকৰি এৰি কংগ্ৰেছত যোগদান ৰাজপত্ৰিত বিষয়াৰ পল্লবী শইকীয়াৰ

author-image
Asomiya Pratidin
New Update
চাকৰি এৰি কংগ্ৰেছত যোগদান  ৰাজপত্ৰিত বিষয়াৰ পল্লবী শইকীয়াৰ

ডিজিটেল সংবাদ,চৰাইদেউঃ ৰাজপত্ৰিত বিষয়াৰ চাকৰি এৰি দেওবাৰে চৰাইদেউত অনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে প্ৰশাসনিক বিষয়া পল্লবী শইকীয়াই। কংগ্ৰেছ কমিটিৰ বৰ্ধিত কার্যনির্বাহক সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত দলটোত যোগদান কৰে পল্লবী শইকীয়াই।

Advertisment

এই সভাতে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি পদৰ পৰা পদত্যাগ কৰা ৰিপুণ বৰাই পুনৰ কংগ্ৰেছ দলত যোগদান কৰে ৷ এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে,কৰ অধীক্ষকৰ দায়িত্বত থকা পল্লৱী শইকীয়াই চাকৰি এৰি কংগ্ৰেছ দলত যোগদান কৰাটো ৰাজনৈতিক মহলত বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে।

ইয়াৰোপৰি শইকীয়াই কংগ্ৰেছ দলত যোগদান কৰাৰ উদ্দেশ্যেই শনিবাৰে চাকৰিৰ পৰা অব্যাহতি লৈছিল। তথ্য অনুসৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা পল্লৱী শইকীয়াই পূৰ্বতে যুৱ কংগ্ৰেছৰ সৈতে জড়িত থাকি দলৰ হৈ কাম কৰিছিল।

Also Read: শিলচৰত বাঙালী পৰিষদ,অসমৰ কাছাৰ জিলা সমিতিৰ কাৰ্যবাহী সভা অনুষ্ঠিত

pallabi saikia congress meeting