তিতাবৰ বেকাজানৰ চেনিজানত নগাৰ পকী ঘৰ নিৰ্মাণক লৈ উত্তেজনা...

তিতাবৰ বেকাজানৰ চেনিজানত নগাৰ পকী ঘৰ নিৰ্মাণক লৈ উত্তেজনা...

ডিজিটেল সংবাদ, বেকাজানঃ অসম-নাগালেণ্ড সীমা বিবাদৰ বিষয়টো সম্প্ৰতি উচ্চতম ন্যায়ালয়ত বিচাৰধীন হৈ থকাৰ মাজতে ' ই ' চেক্টৰ অন্তৰ্গত তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ বেকাজানৰ চেনিজানত লুংচিৰি বস্তিৰ নগাই এটা পকীঘৰ নিৰ্মাণ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। জানিব পৰামতে নাগালেণ্ডৰ ভাণ্ডাৰী মহকুমাৰ চাংপাং চাৰ্কোলৰ লুংচিৰি বস্তিৰ খুবেন জামিৰ নামৰ নগালোকজনে পাহাৰৰ কাষৰ ভৈয়ামত এটা পকী ঘৰ নিৰ্মাণ আৰম্ভ কৰিছে।

সীমা নিৰ্ধাৰণ নোহোৱাকৈ নগালোকজনে এনেকৈ ঘৰ নিৰ্মাণ কৰা খবৰ পাই শুক্ৰবাৰে দুজন যুৱকে আৰক্ষী আৰু তিতাবৰ মহকুমা প্ৰশাসনক অৱগত কৰে। ইয়াৰ পাছতে বৰহোলা আৰু বেকাজান আৰক্ষীসহ তিতাবৰ ৰাজহচক্ৰৰ মণ্ডল ঘটনাস্থলী উপস্থিত হৈ চৰজমিন পৰিদৰ্শন কৰে যদিও সন্ধিয়া হোৱাৰ বাবে দলটো উলটি আহে। কালি দুপৰীয়া পুনৰ তিতাবৰ ৰাজহচক্ৰৰ মণ্ডল দিলীপ হাজৰিকা, গাওঁ প্ৰধান বিজন সোণোৱাল বেকাজান আৰক্ষী আৰু সাংবাদিকৰ দল ঘটনাস্থলী চৰজমিন পৰিদৰ্শন কৰিবলৈ গৈছিল যদিও অস্ত্ৰধাৰী নগালোকে পথত ৰৈ পহৰা দি থকাৰ বাবে আদবাটৰ পৰাই দলটো উভতি আহিব লগা হয়।

ইফালে কালি অসম আৰক্ষী যোৱাৰ খবৰ পাই পুৱাৰ পৰাই চাংপাং থানাৰ নগা আৰক্ষীৰ এটা দলো ঘটনা স্থলিত উপস্থিত হয়। সীমান্তত নগাই পকীঘৰ নিৰ্মাণ কৰা কাৰ্যত ভিতৰি এক চেপা উত্তেজনা চলি থকাৰ সময়তে তিতাবৰ মহকুমাৰ সীমান্ত দণ্ডাধিশকে ধৰি কোনো প্ৰশাসন শীৰ্ষ বিষয়া উপস্থিত নোহোৱাত সীমান্তৰ ৰাইজে আশ্বৰ্য প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ১৯৭১ চনৰ সুন্দৰ কমিটিৰ পৰামৰ্শ অনুসৰি অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তত উভয় ৰাজ্যই স্থিতাৱস্থা বাহাল ৰাখিব লাগে যদিও নগাই উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ নামানি তিতাবৰ মহকুমাৰ বিবদমান এলেকাত ঘৰ , ৰবৰ , চেগুণ তামোল আৰু চাহ বাগিচা গঢ়ি তুলি নিজৰ দখল গজগজীয়া কৰি তুলিছে। সীমান্তৰ ৰাইজৰ মতে চেনিজানত নগাই ভৈয়ামৰ প্ৰায় এশ হাজাৰ বিঘামান ভূমিত বহু বছৰ আগৰ পৰাই ধান খেতি কৰি আহিছে।

পাহাৰৰ নামনিত লুংচিৰি বস্তি নামৰ নগা গাঁৱ এখন গঢ়ি তুলিছে। তদুপৰি এই একে স্থানতে যোৱা২০১৮ চনতো এক্স চাৰ্ভিজ গাঁৱৰ সাবিত্ৰী ছেত্ৰী নামৰ মহিলা ভূমি চুবুৰীয়া নাগালেণ্ডৰ থুপিঅ কিথানে বলপূৰ্বক দখল কৰি অবৈধভাৱে গৃহ নিৰ্মাণ কৰিছিল । নাগালেণ্ডৰ ৱাখা জিলাৰ ভাণ্ডাৰী মহকুমাৰ লুঙছিৰি বস্তিৰ থুপিঅ কিথান নামৰ লোকজনে বলপূৰ্বক দখল কৰি উক্ত মাটি ডোখৰ তেওঁ নাগালেণ্ডৰ বুলি দাবী কৰিছিল। অৱশ্যে তিতাবৰ মহকুমা প্ৰশাসনৰ তৎপৰতা বৰহোলা, বেকাজান আৰু পানীখেতি আৰক্ষীয়ে মিলি নগালোকজনৰ ঘৰটো উচ্ছেদ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in