গুৱাহাটীত মুকলি বহু প্ৰতীক্ষিত এলট্ৰ’জ ডুৱেল ক্লাচ অটোমেটিক (DCA) বাহন…

গুৱাহাটীত মুকলি বহু প্ৰতীক্ষিত এলট্ৰ’জ ডুৱেল ক্লাচ অটোমেটিক (DCA) বাহন…

author-image
asomiyapratidin
New Update
গুৱাহাটীত মুকলি বহু প্ৰতীক্ষিত  এলট্ৰ’জ ডুৱেল ক্লাচ অটোমেটিক (DCA) বাহন…

ডিজিটেল ডেস্ক: ভাৰতৰ আগশাৰীৰ অট'মোবাইল ব্ৰেণ্ড টাটা মটৰ্ছে বুধবাৰে গুৱাহাটীস্থিত বিমল কাৰ্ছৰ সৰুসজাই ডিলাৰশ্বিপত বহু প্ৰতীক্ষিত এলট্ৰ'জ ডুৱেল ক্লাচ অটোমেটিক (DCA) বাহন মুকলি কৰে। এই মুকলি অনুষ্ঠানটোত উপস্থিত থাকে টাটা মটৰ্ছৰ মাণ্ডলিক প্ৰবন্ধক ৰীতেশ বশিষ্ঠ, জ'নেল হেড (EV)সন্তলাল গুপ্তা, আঞ্চলিক প্ৰবন্ধক সৌমেন পল, বিমল কাৰ্ছৰ স্বত্বাধিকাৰী বিমল সৌৰাওগী, চিনিঅৰ মেনেজাৰ অভিক দাস আৰু বিমল কাৰ্ছৰ চিইঅ' আৰিহান্ত সৌৰাওগী।

এলট্ৰ'জ ডিচিএ হৈছে এক উন্নত ডুৱেল ক্লাচ ট্ৰেন্সমিচন যাক বিশেষকৈ ভাৰতীয় গ্ৰাহকৰ বাবে ডিজাইন কৰা হৈছে। এই বাহনখনৰ প্ৰাৰম্ভিক মূল্য হৈছে ৮.১ লাখ টকা।

এলট্ৰ'জ ডিচিএ হৈছে ৪৫ টা পেটেন্টৰ সৈতে এক অভিনৱ প্ৰযুক্তি আৰু প্লেনেটৰী গিয়াৰ প্ৰণালীৰ সৈতে বিশ্বৰ প্ৰথম ডিচিটি। ভাৰতৰ প্ৰিমিয়াম আৰু সুৰক্ষিত হেচবেকৰ ডিচিএ সংস্কৰণত কেইবাটাও চেগমেণ্ট-ফাৰ্ষ্ট সুবিধা আছে, যেনে সক্ৰিয় কুলিং প্ৰযুক্তিৰ সৈতে ৱেট ক্লাচ, মেচিন লাৰ্ণিং, শ্বিফ্ট বাই ৱায়াৰ টেকন'লজী, চেল্ফ-হিলিং মেকানিজম, আৰু অটো পাৰ্ক লক। এলট্ৰ'জ ডিচিএ 1.2লিটাৰ ৰিভট্ৰন পেট্ৰ'ল ইঞ্জিনৰ সৈতে মিলিত হ'ব আৰু এক্সএম+(XM+), এক্সটি(XT), এক্সজেড(XZ), আৰু এক্সজেড+(XZ+) এই শীৰ্ষ চাৰিটা প্ৰকাৰত উপলব্ধ হ'ব।

এলট্ৰ'জ ডিচিএ-ৰ অনন্য সুবিধাবোৰ বিভিন্ন ড্ৰাইভিং পৰিস্থিতিৰ পৰা অনুপ্ৰাণিত আৰু গ্ৰাহকসকলক এক সুৰক্ষিত ড্ৰাইভ অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

এলট্ৰ'জ ডিচিএ-য়ে এক সম্পূৰ্ণ নতুন অপেৰা ব্লু ৰং লাভ কৰাৰ উপৰিও, ডাউনটাউন ৰেড, আৰ্কেড গ্ৰে, এভিনিউ হোৱাইট আৰু হাৰ্বাৰ ব্লু ৰঙত উপলব্ধ হ'ব।

এলট্ৰ'জ ডিচিএ-য়ে বহুতো প্ৰিমিয়াম সুবিধা যেনে প্ৰিমিয়াম লেডাৰেট চিট, অটো হেডলেম্প, হাৰমানৰ 7" টাচস্ক্ৰীণ, 7" টিএফটি ডিজিটেল ক্লাষ্টাৰ, ৰিয়াৰ এচি ভেণ্ট, আৰু আইআৰএ সংযোজিত কাৰ প্ৰযুক্তিৰ লগতে অন্যান্য সুবিধাবোৰত উপলব্ধ হয়।

assam guwahati