/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e0379be7-9be9-4195-9b30-3c2b7ba80194/tata_9.jpg)
টাটা গ্ৰুপে জাগীৰোডত ছেমিকণ্ডাক্ট প্ৰকল্পত ব্যয় কৰিব ৪০ হাজাৰ কোটি...
ডিজিটেল ডেস্কঃ অসমত পুনৰ ৪০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব টাটা গ্ৰুপে। জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ বাবে আগবাঢ়ি আহিছে দেশৰ আগশাৰীৰ উদ্যোগ গোষ্ঠী টাটা গ্ৰুপ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি কেন্দ্ৰীয় চৰকাৰক আৱেদন জনাইছে টাটা গ্ৰুপে। তেওঁ প্ৰকাশ কৰা অনুসৰি টাটা গ্রুপৰ অধিনৰ টাটা ইলেকট্রনিক্স লিমিটেডে প্রায় ৪০ হাজাৰ কোটি বিনিয়োগেৰে এই ইলেকট্রনিক্স কেন্দ্ৰটো স্থাপনৰ বাবে আবেদন দাখিল কৰিছে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে এই বিষয়ে মন্তব্য কৰিছে। তেওঁ কয়, টাটা গ্রুপে ৰাজ্য চৰকাৰৰ সৈতে এই বিষয়ত ইতিপূর্বে কৰা আলোচনাৰ পাছত আবেদন প্রক্রিয়া আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰক এই আবেদনত যিমান পাৰি সোনকালে অনুমোদন জনাবলৈও তেও আহ্বান জনাইছে বুলিও কয়।
তেওঁৰ মতে এনে প্রকল্পসমূহৰ জৰিয়তে সমৃদ্ধিশালী অসম গঢ়াৰ দিশত অধিক আগবাঢ়িব পৰা যাব।
Also Read: চিকিৎসকৰ প্ৰচেষ্টাত ক্ৰমাৎ সুস্থ হৈ উঠিছে আহুতলীত উদ্ধাৰ হোৱা আহত বন্যহস্তীটো