/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/tarun-gogoi.jpg)
ফাইল ফটো
ডিজিটেল সংবাদ, ৰহাঃ ঢোল বজাই ৰহাত মঙলবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ ৰহাত প্ৰচাৰ চলাই বিজেপিক সমালোচনা কৰে তৰুণ গগৈয়ে। 'সৰ্বানন্দ আৰু হিমন্তই অসমৰ দায়িত্ব লোৱাৰ পিছত অসম ধ্বংসৰ দিশে গতি কৰিছে। বিদেশী আনিবলৈ ৰূপক শৰ্মা দিল্লীলৈ যাবলৈ ওলাইছে, আমি নিদিও। ২৩ তাৰিখৰ পিছত পদুম একেবাৰে মৰহি যাব। আমি পদুম ফুলিবলৈ নিদিওঁ। সোণোৱাল ছাত্ৰ নেতা আছিল। বিদেশী খেদা আন্দোলন কৰিছিল কিন্তু আজি শ্বহীদক অপমান কৰিছে। তেওঁলোকে অসমক ত্ৰিপুৰা কৰিব খুজিছে। হিমন্তৰ লাচিতৰ নাম লবলৈ নৈতিক অধিকাৰ নাই বুলিও সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বদনৰ বংশৰ বুলিও মন্তব্য কৰিলে তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰীজনে কয় যে, 'মোডী অমিত শ্বাহে বহ বুলি ক'লে বহে, উঠ বুলি ক'লে উঠে। এওঁলোকৰ গাত তেজ নাই পানী আছে।' মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নপুংসক আখ্যা তৰুণ গগৈৰ। তেওঁ কয় যে, 'বিহুৰ দিনতো বিহু নৃত্যৰ বিপৰীতে হিমন্তই কি নৃত্য কৰে। বাংলাদেশৰ নৃত্য নেকি? বৃহত্তৰ অসমীয়া জাতি থান বান কৰিব বিচাৰিছে বিজেপিয়ে। আজি মৈমিনছিং জিলাৰ পৰা আহি অসমীয়া সংস্কৃতি গ্ৰহণ কৰা সকলক বাংলাদেশী বুলি কয় বিজেপি নেতাই। হিমন্তই বাংলাদেশ বুলি কোৱা ধুবুৰিত আগতে বিৰিয়ানি খায়। ভূপেন হাজৰিকাই যেতিয়া খাবলৈ পোৱা নাছিল, তেতিয়া বিজেপিয়ে খবৰ লোৱা নাছিল। ডিঙিত গামোচা লৈ বিজেপিয়ে জাতি ধ্বংসৰ ষড়যন্ত্ৰ কৰে। আজমল, ৰকিবুল ভাৰতীয় নহয় বুলি কয় বিজেপিয়ে। এতিয়া হিমন্তয়ো মোক গালি পাৰে, পিয়ুষ হাজৰিকায়ো মোক গালি পাৰে।হিমন্তৰ বেমাৰ হওঁতে ৰকিবুলৰ পৰা তেজ লৈছিল। তেতিয়া হিন্দু-মুছলমান নাছিল, এতিয়া হিন্দু মুছলমান কিয়? ৰহাৰ ভোটাৰক আকৰ্ষণৰ উদ্দেশ্যৰে এনেদৰে মন্তব্য কৰে তৰুণ গগৈয়ে।
ৰহাত এইমছ হোৱাটো আমিও বিচাৰিছিলোঁ বুলি কৈ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে কয়- 'অসমীয়াক ঠগিলে, হিন্দু বঙালীকো ঠগিলে। বিজেপি এটা ঠগবাজ দল।' ইফালে বদৰুদ্দিন আজমলে বিজেপি চৰকাৰ আহিলে মুছলমানক গাহৰি মাংস খুৱাব বুলি কোৱাৰ প্ৰসংগত তৰুণ গগৈয়ে কয় বদৰুদ্দিনে ঠিকেই কৈছে। উল্লেখ্য যে, মঙলবাৰৰ নিৰ্বাচনী সভাখনত দলটোৰ নেতা অপূৰ্ব ভট্টাচাৰ্যয়ো ভাষণ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us