অম্লানৰ ফৰচুনাৰ গাড়ীত উঠি শ্বিলঙলৈ পলাইছিল ককায়েক-বৌৱেক : বিহাৰত গ্ৰেপ্তাৰ তাৰ্কিকৰ ভাতৃক

অম্লানৰ ফৰচুনাৰ গাড়ীত উঠি শ্বিলঙলৈ পলাইছিল ককায়েক-বৌৱেক : বিহাৰত গ্ৰেপ্তাৰ তাৰ্কিকৰ ভাতৃক
Published on
Updated on

ডিজিটেল ডেস্ক : তাৰ্কিক-চুমিক নাপালেও অসম আৰক্ষীয়ে কিন্তু বিহাৰত বিচাৰি পালে তাৰ্কিকৰ ভাতৃক। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত বিহাৰ আৰক্ষীৰ সহযোগত এই গোচৰৰ বাবে গঠন কৰা অসম আৰক্ষীৰ এছ টি এফে মুৰজাফাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে তাৰ্কিকৰ ভাতৃ অম্নান বৰাক।

চুমি-তাৰ্কিক পলাই যোৱা অম্লানৰ ফৰচুনাৰখন
চুমি-তাৰ্কিক পলাই যোৱা অম্লানৰ ফৰচুনাৰখন

এছ টি এফৰ এটা দলে অম্নানক গ্ৰেপ্তাৰ কৰি চুমি আৰু তাৰ্কিকৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাইছে। উল্লেখযোগ্য যে অসমৰ পৰা শ্বিলঙলৈ চুমি আৰু তাৰ্কিকে এখন ফৰচুনাৰ গাড়ীৰে পলাই গৈছিল। এই গাড়ীখনৰ নম্বৰ এ এছ ০১ এফ এল ৮০০৯। সেই গাড়ীখনো মেঘালয়ত এছ টি এফেই জব্দ কৰিছিল।

তাৰ্কিকৰ ভাতৃ অম্লান বৰা
তাৰ্কিকৰ ভাতৃ অম্লান বৰা

গাড়ীখনৰ মালিক আছিল তাৰ্কিকৰ ভাতৃ অম্লান বৰা।

অম্লানৰ ফৰচুনাৰ গাড়ীত উঠি শ্বিলঙলৈ পলাইছিল ককায়েক-বৌৱেক : বিহাৰত গ্ৰেপ্তাৰ তাৰ্কিকৰ ভাতৃক
বিহাৰত গ্রেপ্তাৰ তাৰ্কিকৰ ভাতৃ অম্লান বৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in