Advertisment

দীপ্লুক পিছ পেলাই চামগুৰিত আগত তাঞ্জিল...

আকৰ্ষণীয় হৈ পৰিছে চামগুৰি বিধানসভাৰ উপ নিৰ্বাচন। পুৱাৰে পৰা অতি কম ভোটৰ ব্যৱধানত হ'লেও বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই সমষ্টিটোত অগ্ৰগতি লাভ কৰি আছিল যদিও শেহতীয়াকৈ  দীপ্লুৰঞ্জনক পিছ পেলাবলৈ সক্ষম হৈছে তাঞ্জিলে।

author-image
Asomiya Pratidin
New Update
tanzil

ডিজিটেল ডেস্কঃ আকৰ্ষণীয় হৈ পৰিছে চামগুৰি বিধানসভাৰ উপ নিৰ্বাচন। পুৱাৰে পৰা অতি কম ভোটৰ ব্যৱধানত হ'লেও বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই সমষ্টিটোত অগ্ৰগতি লাভ কৰি আছিল যদিও শেহতীয়াকৈ  দীপ্লুৰঞ্জনক পিছ পেলাবলৈ সক্ষম হৈছে তাঞ্জিলে।

Advertisment

৬১০টা ভোটৰ ব্যৱধানত চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন আগবাঢ়ি আছে। আনহাতে বঙাইগাওঁ সমষ্টিত ১১, ৩৫২টা ভোটত আগবাঢ়ি আছে অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী। বিহালীত নিকটতম প্ৰাৰ্থী জয়ন্ত বৰাতকৈ বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল আগবাঢ়ি আছে ৫,৫৮৭টা ভোটত।

ধলাইত বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস আগবাঢ়ি আছে ৬,৭২০টা ভোটত। চিদলীত ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম আগবাঢ়ি আছে ১১,২১৪টা ভোটত। 

 

চামগুৰি