ই-ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া দুটি সন্তানৰ মাতৃ তথা স্বামীহীনা ইলা ডেকা বহুতৰ বাবে প্ৰেৰণা…

ই-ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া দুটি সন্তানৰ মাতৃ তথা স্বামীহীনা ইলা ডেকা বহুতৰ বাবে প্ৰেৰণা…

ডিজিটেল ডেস্ক, টংলা: নাৰীসকল পুৰুষৰ সমানে খোজত খোজ মিলাই আগবাঢ়ি সমাজ গঠনৰ অংশীদাৰ হৈছে ৷ ওদালগুৰি জিলাৰ টংলাৰ নিকটৱৰ্তী বৰাখাট গাঁৱৰ স্বামীহীনা তথা দুটি সন্তানৰ মাতৃ ইলা ডেকাই নিজৰ পৰিয়ালক ভৰণ-পোষণ দিয়াৰ তাগিদাত ৰাইজৰ সহযোগত টংলা অঞ্চলত নিজে ই-ৰিক্সা চলাই যাত্ৰী কঢ়িয়াই জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে ৷

দুবছৰ পূৰ্বে ই-ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা স্বামী বদেশ্বৰ ডেকাৰ অকাল বিয়োগ ঘটাত সদ্য বৈধব্য সাজ পিন্ধা ইলা ডেকাই দুটি কন্যা সন্তানক লৈ চকুৰ পানীৰে বাট নেদেখা হোৱাত বৰাখাট গাঁৱৰ সহৃদয় ৰাইজ আৰু স্থানীয় সংঘই ইলা ডেকাৰ ঘৰটো মেৰামতি কৰি দিয়াৰ উপৰি ই-ৰিক্সা চলাই পৰিয়ালটো পোহপাল দিয়াৰ বাবে উৎসাহিত কৰে ৷ গাঁৱৰ ৰাইজৰ প্ৰেৰণাতে ইলা ডেকাই বিগত দুবছৰে সুন্দৰকৈ অসমীয়া সাজত ই-ৰিক্সা চলাই মহিলা ই-ৰিক্সা চালকৰূপে টংলা অঞ্চলত সুকীয়া পৰিচয় লাভ কৰাৰ উপৰি বহু হতাশাগ্ৰস্ত মহিলাৰ বাবে প্ৰেৰণাৰ উৎসৰূপে পৰিগণিত হৈছে ৷

ইলা ডেকাই সম্প্ৰতি দশম শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীত পঢ়ি থকা নিকুমনি আৰু কৰিশ্মাক প্ৰতিদিনে আলপৈচান ধৰি বিদ্যালয়লৈ পঠিয়াই দি নিজেও নগৰলৈ ই-ৰিক্সাখন লৈ যাত্ৰীৰ সন্ধান ওলাই আহে যদিও টংলা নগৰত ই-ৰিক্সাৰ সংখ্যা যথেষ্ট বেছি হোৱাত আৰু ইলা ডেকাই নিৰ্ধাৰিত সময়ত ভাড়া মাৰিবলৈ ওলাই আহিব নোৱাৰাৰ বাবে আয় ইমান ভাল নহয় ৷ কেতিয়াবা খালী হাতেই ঘৰলৈ উভতিবলগীয়াও হয় ৷

হ'লেও এই জীৱন যুঁজত ইলা ডেকাই হাৰ মনা নাই ৷ বৰাখাতবাসী ৰাইজ আৰু স্থানীয় সংঘৰ প্ৰতি কৃতজ্ঞতা জনাই ইলা ডেকাই চৰকাৰৰ সুদৃষ্টিৰ কামনা কৰিছে ৷ অসম চৰকাৰ অথবা বিটিচি পৰিষদীয় চৰকাৰৰ বৰ্তমানেও সুদৃষ্টি নপৰা ইলা ডেকা অসম চৰকাৰৰ কনকলতা মহিলা সৱলীকৰণ আঁচনি,অসম গ্ৰামীণ জীৱিকা আঁচনি অথবা স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ আঁচনি আদিৰ কোনো এখন আঁচনিয়েও ইলা ডেকা পৰিয়ালটোক ঢুকি পোৱা নাই ৷ জীৱন যুদ্ধত হাৰ নমনা এই গৰাকী ইলা ডেকাৰ প্ৰতি আন্তৰ্জাতিক নাৰী দিৱসত বহুজনে শুভেচ্ছা জনাই জনপ্ৰতিনিধিসকলৰ সুদৃষ্টি কামনা কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in