তামুলপুৰত ৰাভা জাতীয় সংগঠনৰ ৪ ঘন্টীয়া অনশন...

তামুলপুৰত ৰাভা জাতীয় সংগঠন সমূহে কেইবাটাও দাবী উত্থাপন কৰি মঙলবাৰে ৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে

author-image
Asomiya Pratidin
New Update
তামুলপুৰত ৰাভা জাতীয় সংগঠনৰ ৪ ঘন্টীয়া অনশন...

৪ ঘন্টীয়া অনশন...

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰত ৰাভা জাতীয় সংগঠন সমূহে কেইবাটাও দাবী উত্থাপন কৰি মঙলবাৰে ৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

Advertisment

আজি তামুলপুৰ ৰাজহ চক্ৰ কাৰ্য্যালয় সন্মুখত নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ যৌথ আহ্বানত তামুলপুৰ জিলা আৰছু, এআৰডব্লিউচি, বিআৰকেআৰ আৰু এআৰএনচি ৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ।

সংগঠনসমূহে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখন ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰা আৰু ৰাভা হাছংৰ বাহিৰত বসবাস কৰা ৰাভা সকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ দাবীত ৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

পুৱা দহ বজাৰ পৰা আৰম্ভ কৰা উক্ত কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ খনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰক, আমাৰ দাবী ন্যায্য দাবী, নিখিল ৰাভা ছাত্ৰ সন্থা জিন্দাবাদ, ন' চিক্স চিডিউল ন' ৰেষ্ট আদি দাবী সম্বলিত বেনাৰ পোষ্টাৰ হাতে হাতে লৈ অনশনত অংশগ্ৰহণ কৰে।

ৰাভা সংগঠনৰ প্ৰতিবাদ
ৰাভা সংগঠনৰ প্ৰতিবাদ

আজিৰ এই অনশন কাৰ্যসূচীত নিখিল ৰাভা ছাত্ৰ সন্থা তামুলপুৰ জিলাৰ সভাপতি পূৰ্ণ সিং ৰাভাই মন্তব্য প্ৰকাশ কৰি কয় যে ৰাভা জনগোষ্ঠীৰ সমস্যা সমূহ কোনো এখন চৰকাৰে গুৰুত্ব সহকাৰে লোৱা নাই।

মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খনে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰা সকলো কথাৰ এতিয়া কোনো মোল নাই।

লগতে সভাপতিগৰাকীয়ে কয় যে সেয়েহে আমি ৰাভা জাতীয় সংগঠন সমূহে সময়ে সময়ে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছো তথা অতিশীঘ্ৰে আমাৰ দাবী সমূহ পূৰণ নহলে আগন্তুক দিনত গণতান্ত্ৰিক ভাৱে ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।

তদুপৰি প্ৰতিবাদত অংশগ্ৰহণ কৰি তামুলপুৰ জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী মেনকা ৰাভাই কয় যে অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ হ'ল ৰাভা জনগোষ্ঠী।

তামুলপুৰত প্ৰতিবাদ
তামুলপুৰত প্ৰতিবাদ

আমি ৰাভা সকল অসমৰ ভূমিপুত্ৰ, কিন্তু চৰকাৰে ৰাভা সকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰাটো দুৰ্ভাগ্যজনক। এই দাবী সমূহ চৰকাৰে পূৰণ নকৰিলে নিৰ্বাচনৰ সময়ত উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰে ।

আজিৰ এই ৪ ঘন্টীয়া অনশন কাৰ্যসূচীত নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপ সভাপতি দিপাংকৰ ৰাভা, অবিভক্ত বাক্সা জিলা ৰাভা জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি গোলাপ ৰাভা, তামুলপুৰ জিলা নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি, সম্পাদক তথা তামুলপুৰ জিলা ৰাভা জাতীয় পৰিষদৰ সভাপতি সম্পাদক সহ ৰাভা জাতীয় সংগঠনৰ বহুসংখ্যক পুৰুষ মহিলা উপস্থিত থাকে।

অনশনৰ অন্তত তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Also Read: সুৰা ছিণ্ডিকেটৰ মূল অভিযুক্ত প্ৰণতি বৰাক অনা হৈছে বোকাজানৰ ন্যায়িক আদালতলৈ

protest #tamulpur protest rabha people