তামুলপুৰত চোৰৰ সন্দেহত এজনক মৰিয়াই মৰিয়াই হত্যা...

চোৰৰ সন্দেহত এজন যুৱকক তামোল গছত বান্ধি মৰিয়াই হত্যা । এই ঘটনা সংঘটিত হৈছে বৃহস্পতিবাৰে পুৱতি নিশা তামুলপুৰত।

author-image
Asomiya Pratidin
New Update
তামুলপুৰত চোৰৰ সন্দেহত এজনক মৰিয়াই মৰিয়াই হত্যা...

ডিজিটেল সংবাদ, তামুলপুৰঃ চোৰৰ সন্দেহত এজন যুৱকক তামোল গছত বান্ধি মৰিয়াই হত্যা । এই ঘটনা সংঘটিত হৈছে বৃহস্পতিবাৰে পুৱতি নিশা তামুলপুৰত।

Advertisment

নিহত যুৱক জন তিনিপুখুৰী গাঁৱৰ বিনোদ ব্ৰহ্ম (২৭) বুলি জানিব পৰা গৈছে ৷ একে গাঁৱৰে বলাই দাস নামৰ লোকজনৰ ঘৰত পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা। মৃত বিনোদ ব্ৰহ্মক বলাই দাসে ৰচিৰে বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে মৃতকৰ পৰিয়ালৰলোক।

এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। পুৱা ৬ মান বজাত খবৰ পাই ঘটনাস্থলীত তামুলপুৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৰমোত্তৰ পৰীক্ষাৰ বাবে লৈ আনে মৃতদেহ। অভিযুক্ত বলাই দাস সম্প্ৰতি পলাতক হৈ আছে বুলি জানিব পৰা গৈছে।

Also Read: ন-পুৰণি বিজেপিৰ মাজত কোনো সংঘাত নাই, এয়া মিডিয়া আৰু বিৰোধীৰ চক্ৰান্ত: যোগেন মহন

Assam police