/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/72ca1b06-3990-4eb1-b565-b9590e8784b9/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰৰ লতিবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ। নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঅঞ্চললৈ ওলাই অহা এটা হাতীৰ জাকে লতিবাৰী অঞ্চলৰ পূৱ কচুকাটা তথা ২ নং বেটাগাঁৱত প্ৰৱেশ কৰি কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী ধ্বংস কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e91d1f3a-b05e-4d84-a797-36a1c6ad9fb5/268b03cf_da3c_4a45_9bca_fdddcd3604ab.jpg)
তদুপৰি হাতীৰ জাকটোৱে খেতিপথাৰৰো ব্যাপক ক্ষতি সাধন কৰে ৷ জানিব পৰা মতে পূৱ কচুকাটা নিৰ্মল মেধি, কেশৱ কলিতা, ৰাতুল কলিতা, হৰেন কলিতাকে ধৰি গাঁওখনৰ প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনীৰ ঘৰো ভাঙি চূৰমাৰ কৰে। পৰিয়ালকেইটাৰ বাচন বৰ্তন, কাঠৰ আচবাবো ভাঙি তহিলং কৰে জাকটোৱে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e74fc777-a41b-4222-a607-5e047307d87a/AP_FOR_WEB_new_format_Y_copy.jpg)
ইপিনে বন বিভাগে ৰাইজৰ সহযোগত হাতীৰ জাক খেদি পঠিয়াই যদিও বৰ্তমানেও বৰনদীৰ বুকুত আশ্ৰয় লৈ থকাৰ কথা জানিব পৰা গৈছে স্থানীয়ৰ সূত্ৰে। গাঁওখনৰ নিচেই কাষতে হাতীক জাকটো আশ্ৰয় লোৱাত আতংকিত হৈ পৰিছে অঞ্চলবাসী।