তামুলপুৰত আধুনিক নৃত্যৰ কৰ্মশালা আয়োজন...

তামুলপুৰত আধুনিক নৃত্যৰ কৰ্মশালা আয়োজন...
Published on
Updated on

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ মহকুমাস্থিত এছ এন বি বড়োলেণ্ড ডেন্স একাডেমীৰ উদ্যোগত গ্ৰীষ্মবন্ধৰ সময়চোৱাত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে আধুনিক নৃত্যৰ কৰ্মশালা৷ মটঙাপাৰ সাংস্কৃতিক প্ৰকল্পত আৰম্ভ হোৱা এই কৰ্মশালাৰ সোমবাৰে শুভ উদ্বোধন কৰে যুৱ সমাজকৰ্মী তথা ইউ পি পি এল দলৰ তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক জিতেন মুছাহাৰীয়ে ৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে বড়ো সাহিত্য সভাৰ তামুলপুৰ প্ৰাথমিক সমিতিৰ সভাপতি বানেশ্বৰ স্বৰ্গীয়াৰী, সাংস্কৃতিক কৰ্মী হৰেন উজীৰ, শিল্পী বিষ্ণু বড়ো, জ্যেষ্ঠ নাগৰিক মহেশ্বৰ বড়ো তথা অভিভাৱক-অভিভাৱকাসকল ৷ কৰ্মশালাত সমল ব্যক্তি হিচাবে মুম্বাইস্থিত আধুনিক নৃত্যৰ ডিপ্ল'মাধাৰী শিল্পী থমাছ বসুমতাৰীয়ে প্ৰশিক্ষক হিচাবে কণ কণ শিশুসকলক আধুনিক নৃত্য তথা আন আন কলা কৌশলৰ প্ৰশিক্ষণ দিব বুলি এছ এন বি বড়োলেণ্ড ডেন্স একাডেমীৰ সঞ্চালক নিচান বড়োৱে জানিবলৈ দিয়ে ৷

উল্লেখ্য তিনিদিনীয়া আধুনিক নৃত্যৰ কৰ্মশালাত শতাধিক শিশুৱে অংশগ্ৰহণ কৰে । অহা ১৩ জুলাইত কৰ্মশালাখনিৰ সামৰণি পৰিব ৷

তামুলপুৰত আধুনিক নৃত্যৰ কৰ্মশালা আয়োজন...
অৱস্থা কাহিল উত্তৰ ভাৰতৰ; নেদেখাজনেই একমাত্ৰ ভৰসা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in