/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
ডিজিটেল ডেস্ক : তামুলপুৰৰ দ্বাৰকুছিত পুৱাই সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা।এখন বাছে মহটিয়াই নিয়ে এগৰাকী দশম শ্রেণীৰ ছাত্রীক। দুৰ্ঘটনাত থিতাতে নিহত হয় ছাত্ৰীগৰাকী। মৃত ছাত্রীগৰাকী দেফেলী গাঁৱৰ হিমানী দাস বুলি চিনাক্ত কৰা হৈছে।
ছাত্ৰীগৰাকী টিউচনলৈ গৈ থকা সময়তে সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত কৰা গাড়ী খনৰ নম্বৰ এ এচ-25-এ চি- ৫৯৭০। এই ঘটনাৰ পিছতেই উত্তেজিত ৰাইজে বন্ধ কৰে ৰঙিয়া-ভূটান ৰাষ্ট্রীয় ঘাইপথ। উল্লেখ্য যে, ঘটনা স্থলীত ইতিমধ্যই উপস্থিত হৈছে আৰক্ষী।
Also Read: দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে; ৯৩.৩৩ শতাংশ নম্বৰৰে উজলিল হিমাংশু বৰুৱা...