বিশিষ্ট শিক্ষাবিদ টাকাব চন্দ্ৰ মেদক ২২ সংখ্যক পুণ্য তিথি পালনৰ প্ৰস্তুতি…

বিশিষ্ট শিক্ষাবিদ টাকাব চন্দ্ৰ মেদক ২২ সংখ্যক পুণ্য তিথি পালনৰ প্ৰস্তুতি…

author-image
asomiyapratidin
New Update
বিশিষ্ট শিক্ষাবিদ টাকাব চন্দ্ৰ মেদক ২২ সংখ্যক পুণ্য তিথি পালনৰ প্ৰস্তুতি…

ডিজিটেল সংবাদ, জোনাই : টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ সভা এখন কালি ন্যাসৰ কাৰ্যকৰী সভাপতি তথা জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 ৰাজেশ্বৰ পেগুৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয়। ন্যাসৰ সাধাৰণ সম্পাদক ৰয়েল পেগুৱে উদেশ্য ব্যাখ্যা কৰা সভাত ন্যাসৰ উপদেষ্টা জন্মেজয় আগৰৱালা, পৃষ্ঠপোষক হৰিপ্ৰসাদ মিলি, শান্তনু মেদক, সদস্য কমল মেদক, উমানন্দ দলে, দিন নৰহ, নয়ন কুমাৰ টায়ে, পুনৰাম কুটুম আদিয়ে উপস্থিত থাকে।

Advertisment

সভাত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো অহা ২ নবেম্বৰত জোনাই-মুৰ্কংচেলেক অঞ্চলৰ শিক্ষাৰ বাটকটীয়া, বিশিষ্ট শিক্ষাবিদ, গৌৰৱোজ্জ্বল সোণালী জয়ন্তী গৰকা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ টাকাব চন্দ্ৰ মেদকৰ ২২ সংখ্যক মৃত্যু তিথি আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনাৰ কৰা হয়।

সভাই টাকাব চন্দ্ৰ মেদকৰ আগন্তুক মৃত্যু তিথি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰাৰ লগতে বিগত বছৰবোৰৰ দৰে ধেমাজি জিলাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কলা, বিজ্ঞান আৰু বাণিজ্যিক শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চাৰিগৰাকী কৃতী শিক্ষাৰ্থীক গাইপতি নগদ দহ হেজাৰ টকাসহ কৃতী ছাত্ৰ বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

তদুপৰি সভাই টাকাব চন্দ্ৰ মেদকৰ পুণ্য তিথিৰ লগত সংগতি ৰাখি কেৰিয়াৰ কাউন্সিলঙৰ ওপৰত বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। তদুপৰি সভাত শিক্ষা ক্ষেত্ৰ আৰু সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা দুগৰাকী বৰেণ্য ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বিশিষ্ট শিক্ষাবিদ টাকাব চন্দ্ৰ মেদকৰ ২২ সংখ্যক পুণ্য তিথিৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'বলগা বক্তৃতানুষ্ঠান আৰু কৃতী ছাত্ৰ বঁটা প্ৰদান অনুষ্ঠানটিক সাফল্যমণ্ডিত কৰি তোলাত ন্যাসে সকলো শ্ৰেণীৰ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিত কামনা কৰিছে।

assam education trust jonai