তাই সাধকৰ প্ৰতি পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ উপহাস …

তাই সাধকৰ প্ৰতি পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ উপহাস …

author-image
asomiyapratidin
New Update
তাই সাধকৰ প্ৰতি পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ উপহাস …

ডিজিটেল সংবাদ,ঢকুৱাখনা: তাই জনগোষ্ঠীয় সমাজ ,ভাষা ,কৃষ্টি, সংস্কৃতিলৈ মেটমৰা অৱদান আগবঢ়াই যোৱা এগৰাকী বৰ্ষীয়ান  সাধক। স্ব গোষ্ঠীয়  শিক্ষা,কৃষ্টি সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত এই গৰাকী তাই সাধকৰ অৱদান অতুলনীয় ।

Advertisment

আজীৱন স্ব-জাতীয় ভাষা,কৃষ্টি সংস্কৃতিৰ উজ্জীৱিত কৰণৰ বাবে আত্মোৎসৰ্গা কৰা এই গৰাকী তাই সাধক হ'ল ডিব্ৰুগড় জিলাৰ বৰবৰুৱা অঞ্চলৰ  চাও ভুৰ্জ্যধৰ গগৈ। ওৰেটো জীৱন তাই ভাষা,লোক কলা ,কৃষ্টি প্ৰচাৰত আত্মনিয়োগ কৰি অহা এইগৰাকী বয়স্ক সাধকৰ সৃষ্টিৰ প্ৰতি সদ্য সমাপ্ত হোৱা পূৰ্বাঞ্চল তাই সাহিত্য সভাই যি চৰম অশ্ৰদ্ধা, অৱহেলা আৰু তুচ্ছজ্ঞান কৰিলে তাক লৈ তাই সাহিত্য সভাৰ অভ্যন্তৰত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ সৃষ্টি হোৱাই নহয়  স্বজাতিৰ সৰ্বোচ্চ সাহিত্য মঞ্চই প্রদর্শন কৰা এনে কাণ্ডজ্ঞানহীন আচৰণৰ জৰিয়তে তাই সাধক গৰাকীৰ আজীৱন ত্যাগকো চূড়ান্ত অপমান কৰা বুলি মুকলি চৰ্চা আৰম্ভ হৈছে। 

ঘটনাটো ঘটিল সদ্য সমাপ্ত লখিমপুৰ জিলাৰ আজাদ বৰচৰিয়াৰ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত । পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৩৯ সংখ্যক অধিবেশনৰ প্রথম দিনা ৬ মে'ৰ  মুকলি মঞ্চত তাই সমাজৰ বিশিষ্ট গৱেষক, লেখক, পণ্ডিতৰ মুঠ ২৫ খন  গ্ৰন্থ উন্মোচন কৰা হৈছিল ।

স্বজাতিয় সাহিত্য ক্ষেত্ৰলৈ বৰেণ্য অৱদান আগবঢ়াই যোৱা তাই গৱেষক, পণ্ডিত ,লেখক সকলৰ গ্ৰন্থ সমূহ তাই সাহিত্য সভাই নিজে প্ৰকাশ কৰি সভাৰ অধিবেশনত উন্মোচন কৰিছিল।  অন্যান্য গ্ৰন্থ সমূহৰ দৰে উক্ত দিনা  সভাৰ মঞ্চত বিশিষ্ট তাই পণ্ডিত , পদ্মশ্ৰী ডঃ যোগেন চন্দ্ৰ ফুকনে  চাও ভুৰ্জ্যধৰ গগৈৰ "অসমীয়া ভাষাত তাই আহোম শব্দ" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে তাই সাহিত্য সভাৰ পৃষ্ঠপোষকতাত ।

কিন্তু অতি দুৰ্ভাগ্যজনক আৰু  হতাশজনক বিষয় হ'ল যে যিখন তত্বগধূৰ গ্ৰন্থ নিৰন্তৰ অধ্যয়ন, গৱেষণা ,শ্রম আৰু বাৰ্ধক্য জনিত শাৰীৰিক বাধাগ্ৰস্ততাকো উপেক্ষা কৰি তাই সাধক গগৈয়ে লিখি তাই সাহিত্য সভাক পাণ্ডুলিপি জমা দিছিল নিৰ্ধাৰিত সময়ত ।সেই অনুৰূপ পাণ্ডুলিপিকে প্ৰকাশ কৰি উন্মোচন কৰে সাহিত্য সভাই।

মাত্ৰ অতি বেপৰোৱা ভাবে তাই সাহিত্য সভাৰ এটা প্ৰতীক সম্বলিত এটা অতি সাধাৰণ বেটুপাত বনাই লেখকৰ নিজ হাতে লিখা গ্ৰন্থখনকে জেৰক্স ৰূপত হুবহু প্ৰকাশ কৰি উন্মোচন কৰে জাতীয় সাহিত্য সভাই। সাধাৰণ দৃষ্টিত এই মাৰাত্মক কাণ্ড পোহৰলৈ অহা নাছিল। কাৰণ মাত্ৰ কেইটামান কপি জেৰক্স কৰি  উন্মোচনৰ ব্যৱস্থা কৰি গ্ৰন্থখন লোক দৃষ্টিৰ পৰা আঁতৰত ৰাখিছিল সাহিত্য সভাই।

কিন্তু এগৰাকী স্বনামধন্য বিশিষ্ট তাই সাধকৰ প্ৰতি এখন জাতিয় মঞ্চই কৰা এনে তুচ্ছজ্ঞানৰ প্ৰামানিক তথ্য সংৰক্ষণ কৰিবলৈ "প্ৰতিদিন ডিজিটেল সংস্কৰণ"য়ে গ্ৰন্থখন কৌশলেৰে সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল। যাৰ বাবে  বয়স্ক  লেখক গগৈৰ  হস্তাক্ষৰৰে প্ৰকাশিত গৱেষণালব্ধ গ্ৰন্থখনে সম্প্ৰতি সাহিত্য সভাৰ  অভ্যন্তৰত চলি থকা বেপৰোৱা কাম কাজৰ নগ্ন স্বৰূপ উন্মোচিত হ'ল।

যাক লৈ  বিশিষ্ট তাই সাধক, পণ্ডিত আৰু সাহিত্য সভাৰ কাণ্ডাৰী একাংশৰ মাজত সূত্ৰপাত ঘটিছে তুমুল  প্ৰতিক্ৰিয়াৰ।পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ  এটা শীর্ষ সূত্ৰই প্ৰকাশ কৰা মতে  পূৰ্বাঞ্চল তাই সাহিত্য সভাক  ৰাজ্য চৰকাৰে "অসম ভাষা গৌৰৱ আঁচনি"ৰ আধাৰত  গ্ৰন্থ প্ৰকাশৰ বাবে নিৰ্ধাৰিত পুঁজি আৱন্টন দিয়ে। এই আঁচনিৰ আধাৰত বিশিষ্ট তাই সাধক গৰাকীৰ গৱেষণালব্ধ গ্ৰন্থখন  ছপা আকাৰত প্ৰকাশ কৰাত কিয় গুৰুত্ব নিদিলে সাহিত্য সভাই ।

বিপৰীতে মাত্ৰ কেইটামান  পাণ্ডুলিপিৰ কপিকে হুবহু আকাৰত "জেৰস্ক" কৰি প্ৰকাশ কৰা দেখুৱাই, উন্মোচন কৰি দৰাচলতে আজীৱন তাই সাধক গৰাকীৰ সৃষ্টিশীলতাক তুচ্ছজ্ঞান কৰা হ'ল বুলি মন্তব্য কৰিছে সূত্ৰটোৱে । অধিবেশনত গ্ৰন্থ প্ৰকাশৰ তালিকা দাখিলেৰে  চৰকাৰৰ পৰা "ভাষা গৌৰৱ"  আঁচনিৰ পুঁজি উদৰস্থ কৰাৰ এয়া এক ঘৃন্য কাৰচাজি বুলিও সূত্ৰটোৱে আশংকা ব্যক্ত কৰিছে। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কেন্দ্ৰীয় সভাপতি ধৰ্ম কান্ত গগৈয়ে এগৰাকী স্বগোষ্ঠীয় বিশিষ্ট তাই শিল্পী, সাহিত্যিকৰ প্ৰতি সাহিত্য সভাৰ এয়া চৰম উপহাস বুলি অভিহিত কৰি পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ নব নিৰ্বাচিত কেন্দ্ৰীয় সমিতিখনৰ গঠন প্ৰক্ৰিয়াও অসাংবিধানিক আৰু অগণতান্ত্ৰিক বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে সাহিত্য সভাৰ ভিতৰ চোৱাত  এনেবোৰ স্পৰ্শকাতৰ বিষয়কলৈ তীব্ৰ অসন্তুষ্টিৰে সূত্ৰপাত ঘটিছে । প্ৰাপ্ত তথ্য মতে পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ভিতৰ চৰাত দেখা দিয়া স্বেচ্ছাচাৰীৰাজত অতিষ্ঠ বহু কেইগৰাকী বিশিষ্ট তাই পণ্ডিতৰ নেতৃত্বত পঞ্জীভূত ক্ষোভ উজাৰি "তাই সাহিত্য সভা" নামৰ এক সমান্তৰাল সাহিত্য সভা গঠনৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে উজনি অসম  আৰু উত্তৰ অসমত।  ইতিমধ্যে কেইবালানি আলোচনা সমাপ্ত হৈছে এই বিষয়ক লৈ ।

তাই আহোম সকলৰ ভাষা সাহিত্যৰ উত্তৰণ আৰু বিকাশৰ লক্ষ্যৰে গঠিত সাহিত্য সভাৰ বৰ ঘৰৰ মজিয়াত উন্মেষ ঘটা স্বেচ্ছাচাৰীৰাজৰ অভিযোগৰ বিপৰীতে উদ্ভৱ হোৱা ব্যাপক ক্ষোভ অসন্তুষ্টিৰ বাবেই জনগোষ্ঠীটোৰ সৰ্বোচ্চ সাহিত্য মঞ্চখন দ্বিখণ্ডিত হ'লে ইতিহাসৰ বুকুত এয়া নিশ্চিতভাৱে এক কলা অধ্যায় হিচাবে খোদিত হৈ ৰ'ব অনাদি অনন্ত কাললৈ ।

আৰু পঢ়ক: মৰিগাঁৱত অঘটন, প্ৰাৰ্থনা সভাৰ মাজতেই লাগিল হুৱা-দুৱা…

assam dhakuakhana