টাই সাহিত্য সভাৰ ধেমাজি জিলা সমিতি গঠন…

টাই সাহিত্য সভাৰ ধেমাজি জিলা সমিতি গঠন…

author-image
asomiyapratidin
New Update
টাই সাহিত্য সভাৰ ধেমাজি জিলা সমিতি গঠন…

ডিজিটেল সংবাদ,ধেমাজি: ধেমাজিৰ হাতীগড়স্থ ৰৌন চাও চেঙ প্ৰাঙ্গনত দেওবাৰে টাই সাহিত্য সভাৰ (তদৰ্থ)ৰ কেন্দ্ৰীয় সমিতিৰ অন্তৰ্গত ধেমাজি জিলা সমিতি গঠনৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা প্ৰতিনিধি সকলৰ উপস্থিতিত এখনি প্ৰতিনিধিত্ব মূলক সভা অনুষ্ঠিত হয়। সুকীয়া- সুকীয়াকৈ সভাৰ সভাপতিত্ব কৰে চিত্ৰ বৰগোহাঁই, বুদ্ধেশ্বৰ সন্দিকৈ আৰু ধীৰেন গগৈৰ সভাপতিমণ্ডলীয়ে।

Advertisment

সভাৰ আৰম্ভণিতে আহ্বায়ক তথা কেন্দ্ৰীয় সমিতি(তদৰ্থ)ৰ অন্যতম সম্পাদক ৰামেশ্বৰ বূঢ়াগোঁহাইয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে,টাই ভাষাৰ,কৃষ্টি, সংস্কৃতিৰ উত্তৰোত্তৰৰ উদ্দেশ্যে গঠিত পূৰ্বাঞ্চল তাই সাহিত্য সভাই উল্লেখযোগ্য ভাৱে কোনো কাম নকৰি কেৱল ক্ষমতাৰ দখলত থকাৰ লবী কেন্দ্ৰীক কূটকৌশলত ব্যস্ত থকাৰ পৰিপ্ৰেক্ষিতত বহুসংখ্যক বিষয়ববীয়া -সদস্যই সেই অনুষ্ঠানটোৰ পৰা ওলাই আহিবলৈ বাধ্য হৈছে আৰু জাতিটোৰ উন্নয়নৰ স্বাৰ্থত মুকলি মুৰিয়াভাৱে কাম কৰাৰ উদ্দেশ্যে গঠন কৰিবলৈ অগ্ৰসৰ হৈছে "টাই সাহিত্য সভাঃঅসম" নামৰ আন এটা সংগঠন আৰু ইতিমধ্যে কেন্দ্ৰীয় এখন তদৰ্থ সমিতিও গঠন কৰা হৈছে।

উক্ত সমিতিৰ সিদ্ধান্ত মৰ্মে ধেমাজি জিলা সমিতি গঠনৰ উদ্দেশ্যে এই সভা আহ্বান কৰা হৈছে বুলি উদ্দেশ্য ব্যাখ্যাত ব্যক্ত কৰে।ইয়াৰ পাছতেই কেন্দ্ৰীয় সমিতি (তদৰ্থ)ৰ প্ৰধান সম্পাদক নৰেন চাংমাইয়ে বিশেষকৈ নবগঠিত টাই সাহিত্য সভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বিস্তৃত ভাবে ব্যাখ্যা আগবঢ়াই এটি ভাষণ দিয়ে।

ইতিমধ্যে অসমৰ কেইবাখনো জিলাত জিলা সমিতি গঠন কৰা হৈ গৈছে আৰু সকলোতে টাই সাহিত্য সংস্কৃতিৰ উত্তৰোত্তৰৰ কাৰ্য্যত নিজকে নিয়োজিত কৰিব বিচৰা বহু সংখ্যক ৰাইজৰ অকুণ্ঠ সমৰ্থন লাভ কৰাত আমি আনন্দিত হৈ পৰিছো বুলিও তেখেতে ব্যক্ত কৰে।

অন্যান্য বক্তা সকলৰ ভিতৰত বিশেষ ভাৱে বক্তব্য প্ৰদান কৰি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা প্ৰতিনিধি ৰাইজক এই নবগঠিত অনুষ্ঠানটোক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনাই একোটাকৈ ভাষণ দিয়ে শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ডঃ বিপুল গগৈ, কেন্দ্ৰীয় সমিতিৰ অন্যতম সম্পাদকদ্বয় শৰৎ চন্দ্ৰ নেওগ আৰু চিত্ৰ বৰুৱা, চিলাপথাৰৰ চিত্ৰ বৰগোহাঁই, খগেন বুঢ়াগোহাঁই, জয়ন্ত দিহিঙ্গীয়া, নবীন বুঢ়াগোহাঁই আদিয়ে।

শিৱসাগৰ জিলাৰ বকতা পাৰিজাতৰ পৰা অহা শিল্পী লোহিত মোহন ফুকনৰ টাই ভাষাৰ গীত পৰিৱেশনে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সভাৰ অন্তত ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা প্ৰতিনিধিক লৈ ধেমাজি জিলা (তদৰ্থ) সমিতি খনি সৰ্বসন্মতিক্ৰমে গঠন কৰা হয় ৷ সভাই বুদ্ধেশ্বৰ সন্দিকৈ, তৰুণ ভাৰধৰা আৰু আনন্দ দাধৰাক উপদেষ্টা, ধীৰেন গগৈ, প্ৰফুল্ল ভাৰধৰা আৰু ৰাজীৱ গগৈক সভাপতি মণ্ডলী আৰু সম্পাদক হিচাপে দুৰ্লভ বাইলুং, নবীন বুঢ়াগোহাঁই,চিত্ৰ বৰগোহাঁই, বিকাশ বৰুৱা, দিলীপ বৰপাত্ৰগোঁহাই, দেবেন কোৱঁৰ,হেমন্ত চেতিয়া, চন্দ্ৰ কোঁৱৰ,জয়ন্ত দিহিঙ্গীয়া, খগেন বুঢ়াগোহাঁই, সুকুমাৰ ফুকন,মাধব শইকীয়া, তৰুণ গগৈ আৰু ৰঞ্জিত চেতিয়াই দায়িত্ব লয় ৷

আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…

assam dhenaji