/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/582c10b5-4f4b-48a3-b547-dea53132631a/yt.jpg)
ডিজিটেল সংবাদ,ৰঙিয়া :- কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক দৈহিক আৰু মানসিক ভাৱে শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় বিদ্যালয় সংগঠনে অধিক পদক্ষেপ গ্ৰহণ কৰি আহিছে । ফুটবল, ভলীবল, এথলেঠিক্স , কাবাদী টেবুল টেনিছ আদি খেল সমূহৰ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্য্যায়ত আনুষ্ঠিত হৈ আহিছে ।
কেন্দ্ৰীয় বিদ্যালয় সংগঠনে ছাৰ ছাত্ৰী সকলৰ মাজত এনেদৰে খেল সমুহ অনুষ্ঠিত কৰি অহাৰ সময়তে মঙলবাৰৰ পৰা গুৱাহাটী মণ্ডলৰ অধীনত ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে টেবুল টেনিছ প্ৰতিযোগিতা ।
গুৱাহাটী মণ্ডলৰ অধীনৰ ২০ খন বিদ্যিলয়ৰ খেলুৱৈ অংশ গ্ৰহণ কৰা প্ৰতিযোগিতা খন বিশাল সাংস্কৃতিক কাৰ্য্যসূচীৰে শুভ উদ্ধোধন কৰে ৰঙিয়া হাহাৰাত থকা এছ এছ বিৰ মুখ্য কাৰ্য্যালয়ৰ উপ মহানিৰ্দেশক জগদীপ পাল সিংয়ে ।
শুভ উদ্বোধনী অনুষ্ঠানটোত এছ এছ বিৰ জোৱান সকলৰ বেণ্ড, ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা আদৰণি সংগীত, বিভিন্ন নৃত্য আদিৰে উপস্থিত অতিথি আৰু খেলুৱৈ সকলক আদৰণি জনোৱা হয় ।
টেবুল টেনিচ প্ৰতিযোগিতা খনত কেন্দ্ৰীয় বিদ্যালয় সমুহৰ পৰা অহা খেলুৱৈ সকলে মাৰ্চপাৰ্চ কৰাৰ পিচত জুইৰ শিখা প্ৰজ্বলন কৰি আনুষ্ঠানিক ভাবে প্ৰতিযোগিতাখন উদ্বোধন কৰে এছ এছ বিৰ উপ মহানিৰ্দেশক জগদীপ পাল সিংয়ে ।
ইয়াৰ পিচতে ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্য্যয়ত কাবাদী খেল খেলিবলৈ যোৱা চাৰি গৰাকী খেলুৱৈ শিখালৈ নিদিষ্ট স্থিনত স্থাপন কৰে । ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ পুৰুষুত্তম চিহ্নাই শুভেচ্ছা মুলক বক্তব্য প্ৰদান কৰাৰ পিচতে আমন্ত্ৰিত অতিথি সকলৰ মাজত পদৰ্শনীমুলক টেবুল টেনিচ প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰতিযোগিতাখন মুকলি কৰা হয় ।