/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c446b79b-1c61-40e4-9b31-3c0fae3af974/dff.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ ১৯৪২ চনৰ ২০ চেপ্টেম্বৰত বৃটিছৰ গুলীত নিহত মনবৰ নাথ,খহুলী দেৱী,কুমলী দেৱীৰ লগতে মুঠ ১৩ গৰাকী শ্বহীদ বীৰ- বীৰাঙ্গণাক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে বুধবাৰে চিলাপথাৰত অনুষ্ঠিত হ'ল শ্বহীদ দিৱস।
অসম প্ৰদেশীক নাথ-যোগী সন্মিলনী,নাথ যোগী ছাত্ৰ সন্থা,নাথ-যোগী জাতীয় পৰিষদ ,নাথ যোগী স্বায়ত শাসিত (উপগ্ৰহীয়)দাৱী সমিতি ধেমাজি জিলা সমিতিৰ সহযোগত আৰু নাথ যোগী সন্মিলনীৰ দক্ষিণ ভৈৰৱপুৰ আঞ্চলিকৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান।
দক্ষিণ ভৈৰৱপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত আয়োজিত দিৱসৰ কাৰ্যসূচী জিলা নাথ যোগী সন্মিলনীৰ সভাপতি কুশল নাথে সমাজ কৰ্মী অনিল নাথৰ সহযোগত সন্মিলনীৰ পতাকা উত্তোলনৰ কৰি শুভাৰম্ভ কৰে।
নাথ যোগী উন্নয়ন পৰিষদৰ জিলা সদস্য সঞ্জয় নাথৰ সহযোগত শ্বহীদ কুমলি দেৱীৰ আজু নাতি সোনাৰাম নাথে সম্পন্ন কৰে স্মৃতি তৰ্পন । শ্বহীদ সকলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে নাথ যোগী ছাত্র সন্থাৰ জিলা সম্পাদক প্ৰসন্ন নাথৰ সহযোগত জিলা স্বায়ত্ব শাসিত পৰিষদ দাৱী সমিতিৰ সভাপতি ৰশিক নাথে।
দুপৰীয়া নিৰদ দেৱনাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্মিলনীৰ জিলা সম্পাদক সজল নাথে। সভাত ১৯৪২'ৰ ২০ ছেপ্টেম্বৰৰ গণ আন্দোলনৰ শ্বহীদ সকলৰ ওপৰত কেইবাজনো বক্তাই সাৰুৱা বক্তব্য আগবঢ়ায়।
উক্ত সভাৰ পৰাই নাথ জনগোষ্ঠীটোক চৰকাৰে চুৰান্তভাৱে উপেক্ষা কৰা বুলি তীব্ৰ ক্ষোভ ব্যক্ত কৰি ভাষণ ৰাখে জিলা সভাপতি কুশল নাথে। সভাত স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী শিক্ষক গোটৰ লগতে গোগামুখ, ধেমাজি,চিমেন চাপৰি, জোনাইৰ বহু সংখ্যক লোক উপস্থিত থাকে।
Also Read: মই নাথাকিলে সাঁজৰ তৰাই মোৰেই কথাকে ক'ব...