অসমৰ সাহিত্য সংস্কৃতিত নৱ প্ৰজন্মই নেতৃত্ব গ্ৰহণ কৰিব লাগিব: কুলধৰ শইকীয়া

অসমৰ সাহিত্য সংস্কৃতিত নৱ প্ৰজন্মই নেতৃত্ব গ্ৰহণ কৰিব লাগিব: কুলধৰ শইকীয়া

author-image
asomiyapratidin
New Update
অসমৰ সাহিত্য সংস্কৃতিত নৱ প্ৰজন্মই নেতৃত্ব গ্ৰহণ কৰিব লাগিব:  কুলধৰ শইকীয়া

ডিজিটেল ডেস্ক: অসম সাহিত্য সভাৰ উদ্যোগত আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ডিছ্পুটেচিঅ' ছাত্রী সমাজৰ সহযোগত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ডে' হম  (ছেমিনাৰ হল)-ত বৃহস্পতিবাৰে দিনৰ প্ৰায় ১ বজাৰ পৰা স্বদেশ স্বাভিমান অনুষ্ঠানটিৰ পঞ্চম অধ্যায়টি অনুষ্ঠিত হয় ৷

Advertisment

 নতুন চিন্তা, নতুন কথা আৰু নতুন প্ৰজন্ম, অসমৰ গৌৰৱময় ইতিহাস,বৰ্তমান আৰু ভৱিষ্যতক বিষয়বস্তু হিচাপে লৈ অসমৰ বিভিন্ন শিক্ষা অনুষ্ঠানৰ ছাত্র-ছাত্রীসকলক লগত লৈ অসম সাহিত্য সভাৰ এই আশাসুধীয়া প্ৰচেষ্টা "স্বদেশ স্বাভিমান" অনুষ্ঠানটি সম্পন্ন হয়।

অনুষ্ঠানটিৰ আৰম্ভণি হয় অসম সাহিত্য সভাৰ উদ্বোধনী গীত "চিৰ চেনেহী মোৰ ভাষা জননী" পৰিৱেশনেৰে। অসম সাহিত্য সভাপতি কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটি উদ্বোধন কৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° উৎপল দত্তই।

আৰম্ভণি ভাষণত কুলধৰ শইকীয়াই নৱ প্ৰজন্মই নিজৰ ভাষাটোৰ, সংস্কৃতিৰ,সাহিত্যৰ স্বকীয়তা বহন কৰা গৌৰৱময় পৃষ্ঠাসমূহৰ ওপৰত গৱেষণা কৰাৰ মনোভাব জগাই তুলিবলৈ আৰু সীমিত সময়ত এটা বিষয়বস্তুৰ উপস্থাপনৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়।

শইকীয়াই কয় যে বৰ্তমান সময়ত অসমৰ সাহিত্য সংস্কৃতিত নৱ প্ৰজন্মই নেতৃত্ব গ্ৰহণ কৰিব লাগিব আৰু লগতে কয় যে নৱ প্ৰজন্মৰ প্ৰতিভাসমূহৰ বিকাশ তথা অনুধাৱনৰ প্ৰয়োজনীয়তাৰ কথাই সকলোকে অনুপ্রাণিত কৰে।

সাতজন নৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে বক্তৃতা প্ৰদান কৰা এই অনুষ্ঠানটিত আমন্ত্রিত অতিথি বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ শান্তিকাম হাজৰিকা আৰু মুবিনা আখতাৰ। অংশগ্রহণকাৰী বক্তা সকলৰ নাম আৰু বিষয়সমূহ হৈছে-জয়শ্ৰী নেওগ, (সন্দিকৈ ছোৱালী মহাবিদ্যালয়-  অসমীয়া আধুনিক নাট্য চৰ্চা), ভাৱনা কাকতি, (সন্দিকৈ ছোৱালী মহাবিদ্যালয়- সত্ৰীয়া নৃত্য- সত্ৰৰ পৰা মঞ্চলৈ), গৌৰী গগৈ, (সন্দিকৈ ছোৱালী মহাবিদ্যালয়- পথাৰৰ পৰা বজাৰলৈ), মধু শোধন ডেকা, (বি.বৰুৱা মহাবিদ্যালয়- অসমৰ উন্নয়ন আৰু পৰিৱেশ), দীপ দৰ্শন কলিতা, (গুৱাহাটী কমাৰ্চ কলেজ- অসমৰ প্ৰেক্ষাপটত মই বিচৰা নেতাজন) আৰু মনস্বিনী পাণ্ডা, (গুৱাহাটী বিশ্ববিদ্যালয়- আমাৰ সমাজ ব্যৱস্থাত বিশেষভাৱে সক্ষম ব্যক্তিসকল), কৌশিক কিৰণ হাজৰিকা, ( কটন বিশ্ববিদ্যালয়- অসমৰ জাতীয় জীৱনত ব্ৰহ্মপুত্ৰ) ৷

অনুষ্ঠানটিৰ আঁত ধৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী অনন্যা শইকীয়া আৰু পূজা বৰাই। অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই মহাবিদ্যালয়ৰে ছাত্রী স্বাগতা শইকীয়াই।

আৰু পঢ়ক:  কলিয়াবৰৰ শিলঘাটত প্ৰৱল গৰাখহনীয়াঃ অসম সমবায় মৰাপাট কললৈ ভাবুকি…

assam sahitya sabha