আইদেউ মৈদামত ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ স্বদেশ অধ্যয়ন...

ছাত্ৰ-ছাত্ৰীসকলে ঐতিহ্যপূৰ্ণ স্থানবোৰ দৰ্শন কৰি তাৰ বুৰঞ্জী সম্পৰ্কে জ্ঞান লাভ কৰাতো অতিকে প্ৰয়োজনীয়

author-image
Asomiya Pratidin
New Update
আইদেউ মৈদামত ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ স্বদেশ অধ্যয়ন...

ডিজিটেল ডেস্ক : ইতিহাস অধ্যয়নে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে। ছাত্ৰ-ছত্ৰীসকলৰ বাবে কেৱল শ্ৰেণী কোঠাৰ শিক্ষাই যথেষ্ট নহয়। সেয়েহে ইতিহাস সমৃদ্ধ ঐতিহ্যপূৰ্ণ স্থানবোৰ দৰ্শন কৰি তাৰ বুৰঞ্জী সম্পৰ্কে জ্ঞান লাভ কৰাতো অতিকে প্ৰয়োজনীয়।

Advertisment

এনে ক্ষেত্ৰ ভিত্তিক কৰ্মই ঐতিহাসিক সমলৰ অনুসন্ধান দিয়াৰ লগতে প্ৰামাণিক শিক্ষাৰ আধাৰ গঢ়ে। তাৰেই অংশ হিচাপে ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে বৃহস্পতিবাৰে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক লৈ যায় গোলাঘাটৰ ৰংগুলীত থকা আইদেউ মৈদামলৈ।

ছাত্ৰ-ছাত্ৰীসকলে স্বদেশ অধ্যয়ন পাঠ্যক্ৰমৰ আধাৰত প্ৰতিবেদন প্ৰস্তুত আৰু পৰ্যবেক্ষণৰ সুযোগ লাভ কৰে। ছাত্ৰ-ছাত্ৰীসকলক শিক্ষক দ্বিকিৰণ হাজৰিকা আৰু দিব্যজ্যোতি বৰুৱাৰ তত্বাৱধানত এই ক্ষেত্ৰ ভিত্তিক অধ্যয়নলৈ লৈ যোৱা হয়।

assam forkating college