/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/photo.jpg)
ডিজিটেল ডেস্কঃ মেগন ক্ৰিয়েটিভ ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে গুৱাহাটী পৌৰ নিগমৰ অধীনত স্বচ্ছ সৰ্বেক্ষণ-২০২১ নামৰ এক অভিযানৰ আয়োজন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/Untitled-1-1.jpg)
এই অভিযান হৈছে বাৰ্ষিক পৰিচ্চন্নতা আৰু অনাময় সম্পৰ্কীয় এক জৰীপ। ২০১৬ চনৰ পৰাই তেওঁলোকে অব্যাহত ৰাখিছে এই অভিযান।
এই অভিযানৰ মূল লক্ষ্য হৈছে এই অভিযানত অধিক সংখ্যক নাগৰিকক অংশ গ্ৰহণ কৰোৱাৰ লগতে বাসোপযোগী চহৰীয়া পৰিবেশ নিৰ্মাণৰ বাবে সকলোকে উৎসাহিত কৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/Untitled-2-1.jpg)
এই অভিযানৰ প্ৰাথমিক উদ্দেশ্য আছিল ২০২৯ চনৰ ২ অক্টোবৰৰ ভিতৰত ভাৰতক পৰিস্কাৰ আৰু মুকলি শৌচ মুক্তভাৱে গঢ়ি তোলা।এই অভিযানৰ অংশ হিচাপে প্ৰথমে ৭৩ খন চহৰক সামৰি লোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত এই সংখ্যা ৪২৪২ লৈ বৃদ্ধি হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/Toilet-Rimpy-1024x1024.jpg)
অভিযানৰ উদ্দেশ্যক সফল কৰিবলৈ গৃহ আৰু নগৰ পৰিকল্পনা মন্ত্ৰালয়েও অংশ লৈছে অভিযানটোৰ ষষ্ঠ জৰীপ কাৰ্যসূচীত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/Aimmee-1024x1024.jpg)
এই জৰীপ কাৰ্যসূচীয়ে নাগৰিকৰ পৰিচ্চন্নতা বিষয়ক সেৱা প্ৰদান উন্নত কৰিবলৈ আৰু পৰিষ্কাৰ চহৰ সৃষ্টিৰ দিশত ভিন্ন চহৰৰ মাজত ধনাত্মক প্ৰতিযোগিতাৰ চেতনা বৃদ্ধিৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/Arup-Win-1024x1024.jpg)
উল্লেখ্য যে, এই সামগ্ৰিক প্ৰক্ৰিয়াত swachhata MoHUA নামৰ বিশেষ এপটোৱে জৰীপৰ বিভিন্ন দিশ যেনে জৰীপ পদ্ধতিৰ বিষয়ে পৰিচিত কৰিবলৈ ৰাজ্য সমূহৰ মাজত সঘনাই মত বিনিময় কৰাৰ লগতে জৰীপৰ পৰা তেওঁলোকে কি আশা কৰে সেই বিষয়েও তথ্য ডাঙি ধৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/blue-and-green-1024x1024.jpg)
এই বিষয়ে সবিশেষ জানিবলৈ তলৰ লিংকটোত ক্লিক কৰক-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/Report-Click-1024x1024.jpg)