নামৰূপৰ বিশিষ্ট সমাজ সেৱক তথা জ্যেষ্ঠ বিজেপি নেতা সুৰেন গগৈৰ বিয়োগ

তেখেতৰ মৃত্যু দল আৰু সমাজৰ বাবে এক অপুৰণীয় ক্ষতিবুলিও অভিহিত কৰে বিধায়ক তৰংগ গগৈয়ে। বিয়লিলৈ মৃতকৰ নিজগৃহৰ বাৰীতে শেষ কৃত সমাপন কৰে। তেওঁ মৃত্যুৰ সময়ত পত্নী আৰু পাঁচটি সন্তান ইহ সংসাৰত এৰি থৈ গৈছে।

author-image
Asomiya Pratidin
New Update
xcvv

ডিজিটেল সংবাদ, নামৰূপঃ  বিভিএফচিএলৰ প্ৰাক্তন বিষয়া ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কায্যকৰ্তা নামৰূপৰ বিভিন্ন অনুষ্ঠানৰ গুৰিধৰোতা সুৰেন গগৈৰ(৬৫) আজি পৰলোক প্ৰাপ্তি হয়। বিশিষ্ট ব্যক্তি গৰাকীৰ বিয়োগত সমগ্ৰ নাহৰকটীয়া সমষ্টিত শোকৰ ছা পৰিছে।

১৯৬০ চনত নামৰূপৰ দিল্লী গাঁৱত জন্ম লাভ কৰা সুৰেণ গগৈয়ে জীৱনৰ সৰহ সময় সমাজ সেৱা কামত নিজকে নিয়োজিত কৰিছিল। বি ভি এফ চি এলত কৰ্মৰত সময়ত ফাটিলাইজৰ শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক আৰু সভাপতিৰ দায়িত্বও পালন কৰিছিল।

নামৰূপ তাই কৃষ্টি কেন্দ্ৰ, সাৰ কাৰখানা চতুৰ্থ গোট নিৰ্মাণ সমিতি , ঐক্য মঞ্চৰ শীৰ্ষ দায়িত্বত  থকাৰ লগতে নাহৰকটীয়া সমষ্টিত ভাৰতীয় জনতা পার্টিৰ গুৰি ধৰোতা, জ্যেষ্ঠ কাৰ্যকৰ্তা, প্ৰাক্তন মণ্ডল সভাপতি গগৈৰ সোমবাৰে নিম্ন ৰক্ত চাপত অসুস্থ  হৈ পৰাত অতি গুৰুত্বৰ অৱস্থাত ডিব্ৰুগড়স্থিত ব্ৰক্ষ্মপুত্ৰ নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছিল যদিও আজি দুপৰীয়া তেখেতে শেষ নিশ্বাস ত্যাগ কৰে ৷

বিয়লি তেখেতৰ নশ্বৰ দেহ নামৰূপৰ নিজা বাস গৃহ পোৱাৰ লগে লগে  স্থানীয় ৰাইজ আৰু দলীয় কৰ্ম কৰ্তাই শেষ শ্ৰদ্ধা জনাবলৈ চোতাল ভৰি পৰে। বিজেপিৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

 তেখেতৰ মৃত্যু দল আৰু সমাজৰ বাবে এক অপুৰণীয় ক্ষতিবুলিও অভিহিত কৰে বিধায়ক তৰংগ গগৈয়ে। বিয়লিলৈ মৃতকৰ নিজগৃহৰ বাৰীতে শেষ কৃত সমাপন কৰে। তেওঁ মৃত্যুৰ সময়ত পত্নী আৰু পাঁচটি সন্তান ইহ সংসাৰত এৰি থৈ গৈছে।

নামৰূপ