সুৰেন দাস মহাবিদালয়লৈ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি

হাজোৰ সুৰেণ দাস মহাবিদালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগ দ্বাৰা স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰিছে। ফলত হাজোৰ সুৰেণ দাস মহাবিদ্যালয়ত সৃষ্টি হৈছে আৱতৰীয়া দীপাৱলী। 

author-image
Asomiya Pratidin
New Update
সুৰেন দাস মহাবিদালয়লৈ স্বায়ত্তশাসিত মহাবিদ্যালয় স্বীকৃতি

ডিজিটেল সংবাদ হাজোঃ হাজোৰ সুৰেণ দাস মহাবিদালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগ দ্বাৰা স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰিছে। ফলত হাজোৰ সুৰেণ দাস মহাবিদ্যালয়ত সৃষ্টি হৈছে আৱতৰীয়া দীপাৱলী। 

ফটকা ফুটাই বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই মহাবিদ্যালয়খনত আনন্দ উৎসৱ পালন কৰে। উল্লেখ্য যে, কামৰূপ জিলাৰ ভিতৰতেই হাজোৰ সুৰেণ দাস মহাবিদ্যালয় স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰা প্ৰথমখন মহাবিদ্যালয়।

সেয়েহে এনে ভাল খবৰ লাভ কৰি মহাবিদ্যালয়খনৰ বৰ্তমানৰ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে উলিয়ালে বিশাল সাংস্কৃতিক শোভাযাত্ৰা। পালন কৰিলে আৱতৰীয়া দীপাৱলী।

মহাবিদ্যালয়খনৰ এনে স্বীকৃতি লাভৰ পাছতেই হাজোক তীৰ্থনগৰীৰ লগতে শিক্ষা নগৰী হিচাপেও গঢ়ি তোলাত যথেষ্ট সহায়ক হ'ব বুলি কয় বৰ্তমানৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হিৰণ্য কুমাৰ শৰ্মাই। 

এই স্বীকৃতিয়ে মহাবিদ্যালয়খনৰ প্ৰশাসনিক আৰু একাডেমিক স্বায়ত্তশাসন অধিক মজবুত কৰিব। তাৰোপৰি এতিয়াৰ পৰা শিক্ষাৰ মান উন্নীত কৰাৰ লগতে, মহাবিদ্যালয়খনে নিজা পাঠ্যক্রম আৰু একাডেমিক পৰিকল্পনা সাজিব পাৰিব।

মহাবিদ্যালয়খনৰ অধ্যক্ষ হিৰণ্য শৰ্মাই এই সফলতাক শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী তথা হাজোবাসীৰ বাবে এক উল্লেখযোগ্য পৰিঘটনা হিচাপে অভিহিত কৰিছে। 

হাজো