ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ পৰা আদালত অৱমাননাৰ জাননী লাভ কৰিলে অসম চৰকাৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি সোণাপুৰৰ কচুতলীত উচ্ছেদ অভিযান চলোৱাৰ বাবেই অসম চৰকাৰলৈ আদালত অৱমাননাৰ জাননী প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে শেহতয়ীকৈ ১ অক্টোবৰলৈকে সমগ্ৰ দেশত বুলডোজাৰ অভিযান বন্ধ ৰাখিবলৈ এক অন্তৱৰ্তীকালীন নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশৰ পাছতো অসম চৰকাৰে সোণাপুৰৰ কচুতলীত বুলডোজাৰেৰে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ বাবেই উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে।
ন্যায়ালয়ে অসম চৰকাৰৰ ৰাজহ বিভাগৰ প্ৰধান সচিব, কামৰূপ মহানগৰৰ আয়ুক্ত, আৰক্ষী আয়ুক্ত, সোণাপুৰ চক্ৰ বিষয়া আৰু সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ উচ্চতম ন্যায়ালয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।তাৰোপৰি শীঘ্ৰেই এই অভিযান বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।
কচুতলীৰ লোকসকলক এতিয়াই সেই স্থানৰ পৰা উচ্ছেদ কৰিব নোৱাৰিব বুলিও ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰি। অসম চৰকাৰে অহা ৩ সপ্তাহৰ ভিতৰত আদালত অৱমাননাৰ জাননীৰ উত্তৰ দিব লাগিব।
উল্লেখ্য যে, সোণাপুৰৰ ট্ৰেইবেল বেল্টৰ ভূমি দখলেৰে সন্দেহযুক্ত নাগৰিকে অবৈধ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছিল। অসম চৰকাৰেও শেহতীয়াকৈ এই অঞ্চলত উচ্ছেদ চলাইছিল। এই উচ্ছেদৰ মাজতে সন্দেহযুক্ত অবৈধ বেদখলাকাৰী বুলি অভিযোগ উঠা লোকসকলৰ সৈতে প্ৰশাসনৰ লোকৰে হোৱা সংঘাতত ৰক্তাক্ত হৈ উঠিছিল কচুতলী।
পৰৱৰ্তী সময়ত এই উচ্ছেদিত লোকসকল ন্যায়ালয়ৰো কাষ চাপিছে। উচ্চতম ন্যায়ালয়ত উঠা অবৈধ বুলডোজাৰৰ অভিযানৰ এক গোচৰৰ শুনানি গ্ৰহণ কৰি যোৱা ১৭ ছেপ্টেম্বৰতেই ন্যায়ালয়ে নিৰ্দেশ দিছিল ১ অক্টোবৰলৈকে দেশৰ কোনো ৰাজ্য, কেন্দ্ৰীয় শাসিচ অঞ্চলত বুলডোজাৰ চলাব নোৱাৰিব প্ৰশাসন তথা চৰকাৰে।
অৱশ্যে ন্যায়ালয়ে নিৰ্দেশনাটোত এই কথাও কৈছিল যে, ৰে’ল লাইন, পথ আপু অন্যান্য চৰকাৰী ভূমিত বোৱা অবৈধ বেদখল উচ্ছেদ কৰিব পাৰিব চৰকাৰে। ইয়াৰ বাবে কোনো অনুমতিৰো প্ৰয়োজন নহ’ব। অসম চৰকাৰে ন্যায়ালয়ক সোণাপুৰৰ কচুতলী অঞ্চলত হোৱা অবৈধ বেদখল আৰু নিৰ্মাণৰ কথাও উল্লেখ কৰিছিল।
ন্যায়ালয়ৰ সেই নিৰ্দেশনাৰ পাছতো অসম চৰকাৰে পুনৰ কচুতলীত আৰম্ভ কৰিছিল উচ্ছেদ অভিযান। ফলত ৪৭ উচ্ছেদিত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। তেওঁলোকে ন্যায়ালয়ত অভিযোগ কৰি কয় যে, ১ অক্টোবৰলৈকে বুলডোজাৰ অভিযান বন্ধ ৰাখিবলৈ দিয়া নিৰ্দেশৰ পাছতো অসম চৰকাৰে কিদৰে উচ্ছেদ চলাইছে?
এনে অভিযোগ উত্থাপনৰ পাছতে ন্যায়ালয়ে অসম চৰকাৰলৈ আদালত অৱমাননাৰ জাননী জাৰি কৰিছে।ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়তো কচুতলীৰ একাংশ উচ্ছেদিত ৰাইজে তেওঁলোকৰ উচ্ছেদৰ বিৰুদ্ধে গোচৰ তৰিছে।
সোণাপুৰৰ এই অঞ্চলটো ট্ৰাইবেল্ট বেল্ট ঘোষণাৰ বহু পূৰ্বৰ পৰাই তেওঁলোকে সেই স্থানত বাস কৰি থকাৰ প্ৰমাণ ন্যায়ালয়ত দাখিল কৰিছে। এই সন্দৰ্ভত প্ৰয়োজনীয় ভূমি পট্টা দেখুৱাইছে।
তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত সোণাপুৰ ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ পৰাও সেই অঞ্চলত অবৈধ বেদখল হোৱা নাই বুলি পূৰ্বে দিয়া এক তথ্যও পোহৰলৈ আহিছে। এনে পৰিপ্ৰেক্ষিতত অসম চৰকাৰে চলোৱা এই উচ্ছেদ অভিযানক লৈ নানান প্ৰশ্ন উত্থাপন হৈ আহিছে।