/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3c69c48f-ea2d-41bc-aab2-8aeeebf46685/foot1.jpg)
ডিজিটেল সংবাদ,তামুলপুৰ : তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ছুপাৰ ডিভিজন আন্তঃক্লাৱ ফুটবল লীগ-২০২৩ প্ৰতিযোগিতা। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বুধবাৰৰ পৰা আৰম্ভ হৈছে ছুপাৰ ডিভিজন আন্তঃক্লাৱ ফুটবল লীগ-২০২৩। বিয়লি ৩:০০ বজাত ছুপাৰ ডিভিজন আন্তঃক্লাৱ ফুটবল লীগ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিআৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ আৰু সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য দাউবৈছা বড়োৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b796e31b-2402-4240-af8b-d8b27717b77b/6a6f8d2c_9c82_4513_896e_b31d1a2b2a63.jpg)
খেলখন উদ্বোধন কৰি তেওঁ কয় বিটিআৰ চৰকাৰে ক্ৰীড়া ৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে। বিটিআৰ চৰকাৰে ইতিমধ্যে বিটিআৰৰ অন্তৰ্গত প্ৰতিটো সমষ্টিত ৫ কোটি টকা ব্যয় সাপেক্ষে একোখন মিনি ষ্টেডিয়াম বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি কাম আৰম্ভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f03d6b6c-a0ff-4c04-a767-4e3df2190094/cfd36ad3_07b4_473b_8763_5da69b89daa6.jpg)
বিগত বৰ্ষত তামুলপুৰত চতুৰ্থ এছিয়ান গেমছ, আই এছ এল আদি সফলভাবে অনুষ্ঠিত কৰি অহাৰ পিছত এইবেলি ৫আগষ্টৰ পৰা কোকৰাঝাৰত অনুষ্ঠিত হ'ব ঐতিহাসিক ডুড়াণ্ড কাপ ফুটবল চেম্পিয়ন শ্বিপ প্ৰতিযোগিতা। অহা বিত্তীয় বৰ্ষৰ পৰা প্ৰতিখন জিলা ক্ৰীড়া সন্থাক বছৰি ৫ লাখকৈ অনুদান দিয়াৰ কথাও জানিবলৈ দিয়ে কাৰ্যবাহী সদস্যগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/58519f34-cfbd-4ccd-9ce5-722fb2ef771f/6d44edb4_d4c1_473b_8518_5d570dab33d5.jpg)
ইয়াৰ পূৰ্বে তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেৱেন বড়োই। বুধবাৰে অনুষ্ঠিত হোৱা উদ্বোধনী খেলত গোৰেশ্বৰ টাউন ফুটবল ক্লাৱে পাটকীজুলি মাইনাও ক্লাৱক ৪-০ গ'লত পৰাস্ত কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/32e55f50-6ad8-4d80-8faa-38e85d5d3edb/260c2073_2ea1_44d0_abe0_0f6057da82c4.jpg)
আজিৰ খেলখন বৈছাৰ বড়ো,জিণ্টন বড়ো আৰু চুনিত স্বৰ্গীয়াৰীৰ সহযোগত পৰিচালনা কৰে তৰুণ ৰাজহংশীয়ে। আনহাতে বৃহস্পতিবাৰে খেল অনুষ্ঠিত হ'ব জ্ঞান মালিণী ক্লাৱ আৰু নাওকাটা টি ৱাই ডি চিৰ মাজত।
Also Read: চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ পৰিচালনা কৰিব এগৰাকী অসমীয়াই