/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/61b9b53f-9e9c-43f2-b4b4-c1354c35f955/supari.jpg)
ডিজিটেল সংবাদ,লামডিং : ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ কলা ব্যৱসায় ৷ নিষিদ্ধ সামগ্ৰীৰ লগতে এতিয়া চুপাৰীও সৰবৰাহ হৈছে ভাৰতীয় ৰে'লত ৷ মঙলবাৰে পুনৰ লামডিঙত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰে ৷
লামডিং ৰে'লৱে সুৰক্ষা বাহিনী আৰু ৰে'লৱে সুৰক্ষা বাহিনীৰ চি পি ডি এছ (CPDS) বিভাগৰ যৌথ অভিযানত জব্দ কৰা হয় ৩২ টাকৈ চুপাৰীৰ বস্তা ৷ লামডিং হৰুলংফাৰ সমাজবাড়ী অঞ্চলৰ সমীপতে থকা ৰে'ল লাইনৰ কাষত আৰ পি এফৰ চি পি ডি এছ বিভাগটোৱে অভিযান চলায় ৷
১৫৯৬৮ নামনিমুৱা লিডু-ৰঙিয়া ইন্টাৰচিটি এস্কপ্ৰেছখনত চুপাৰিখিনি সৰবৰাহ কৰি লৈ আনিছিল ৷ ৰে'ল লাইনটো পোৱাৰ সময়তে ৰে'লৰ পৰা বস্তাকেইটা জব্দ কৰে আৰক্ষী দলটোৱে ৷
জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰৰ মূল্য আনুমানিক ২- ৩ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে ৷ অৱশ্যে অবৈধভাৱে বাৰ্মিজ চুপাৰীখিনি সৰবৰাহ কৰি অনা কোনো ব্যক্তিকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ'ল ৷
Also Read: টিহুত ট্ৰাক চালকক ধন দাবীৰে মাৰপিট কৰি নিলম্বিত দুই আৰক্ষী