/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/WhatsApp-Image-2022-04-24-at-5.03.03-PM.jpeg)
ডিজিটেল সংবাদ, যোৰাবাট-কামৰূপ মহানগৰ জিলাৰ বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত যোৰাবাটত দেওবাৰে যোৰাবাট আৰক্ষীয়ে ১৭ বেগ অবৈধ চুপাৰী সহ চুপাৰী সৰবৰাহ কৰা এখন বাহন জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।
যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ এক গোপন খবৰৰ ভিত্তিত চলোৱা এই অভিযানত যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰা হয় চুপাৰী সহ বাহনখন।অবৈধ চুপাৰী সৰবৰাহ কৰা জব্দকৃত বাহনখনৰ নম্বৰ AS 28 C 9548 বুলি জানিব পৰা গৈছে।
অবৈধ চুপাৰী ব্যৱসায়ৰ লগত জড়িত থকা আটক কৰা লোক দুজন ক্ৰমে ৰফিকুল ইছলাম আৰু আৰমান হুছেইন।উল্লেখ্য যে জব্দকৃত চুপাৰীখিনিৰ বজাৰ মূল্য প্ৰায় ৩ লাখ টকা হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰু পঢ়ক: ৰাজকীয় পৰম্পৰাৰে চৰাইবাহীত অনুষ্ঠিত ঐতিহাসিক গোঁসাই উলিওৱা উৎসৱ