দেওবাৰে বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ বাকৰিত ৭০টা শিশুৱে মঞ্চস্থ কৰিব ৩ খন নাট…

দেওবাৰে বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ বাকৰিত ৭০টা শিশুৱে মঞ্চস্থ কৰিব ৩ খন নাট…

author-image
asomiyapratidin
New Update
দেওবাৰে বাদুংদ্যুপ্পা কলা কেন্দ্ৰৰ বাকৰিত ৭০টা শিশুৱে মঞ্চস্থ কৰিব ৩ খন নাট…

ডিজিটেল সংবাদ,কৃষ্ণাই: গোৱালপাৰা জিলাৰ আগিয়াৰ ৰামপুৰস্থিত বাদুংদ্যুপ্পা কলাকেন্দ্ৰৰ বাকৰিত দেওবাৰে ৭০টা শিশুৱে মঞ্চস্থ কৰিব ৩ খনকৈ নাট। ৩ জুলাইৰ পৰা কলাকেন্দ্ৰত জিলাখনৰ বাভিন্ন প্ৰন্তৰ ৭০জন শিশুক কেইবাগৰাকী বিশিষ্ট নাট্যকৰ্মীৰ জৰিয়তে প্ৰশিক্ষণ দি আহিছে।

শনিবাৰে নাট সমাৰোহৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এই নাট মঞ্চস্থৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আবেলি নাট সমাৰোহখনিৰ শুভাৰম্ভ কৰিব গোৱালপাৰা জিলাৰ উপায়ুক্তই। ৩.১০ বজাত মঞ্চস্থ হব প্ৰথমখন নাট ' বুঢ়া-বুঢ়ী আৰু বান্দৰ' । ৩.৫৫ বজাত দ্বিতীয়খন নাট ' পাঁচ মিনিট আৰু তৃতীয়খন নাট ' মাছি কপাল' ( বনাবিধি) মঞ্চস্থ হব বিয়লি ৪.৩০ বজাত।