ঢকুৱাখনাত গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ

ঢকুৱাখনাত গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা শিক্ষাখণ্ডৰ অন্তৰ্গত পশ্চিম মাছখোৱা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰিক শিক্ষাৰ লগতে আনুসংগিক শিক্ষাৰে শিক্ষিত কৰাত লক্ষ্যৰে সোমবাৰে এক গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰা হয়।

Advertisment

৭০২ নং কঠালগুৰি প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত আয়োজিত এই গ্ৰীষ্মকালীন শিবিৰ জনাকীৰ্ণ পৰিবেশত সোমবাৰে শুভাৰম্ভ কৰা হয় । বিশিষ্ট নাগৰিক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দুলাল বৰুৱাই উদ্বোধন কৰা ৬ দিনীয়া গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে।

উদ্যোক্তাই জানিবলৈ দিয়া মতে এই প্ৰশিক্ষণ শিবিৰটোত লোক সংগীত,আধুনিক গীত,নৃত্য,হস্তকলা,যোগাসন,চিত্ৰাংকণ,হস্তলিপি আদি বিষয়ত অনুষ্ঠিত কৰা হ'ব ।প্ৰশিক্ষণ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰদান কৰিব লগা এই শিবিৰৰ শুভাৰম্ভনি অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰাজদ্বীপ বড়া,সহকাৰী শিক্ষক তথা প্ৰশিক্ষক সমৰ জ্যোতি ফুকন,বিশ্ব বৰুৱা,ৰোহিনী পেগু,পাপৰি গগৈ,পৰিস্মিতা দত্ত,ভাস্কৰ গগৈ,গিৰিন কছাৰী,মৌচুমী সেনাপতি আদিৰ লগতে অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজ,অভিভাৱক আৰু বিদ্যালয়ৰ পৰিয়াল উপস্থিত থাকে। উপস্থিত ৰাইজে বিদ্যালয় কৰ্তৃপক্ষৰ এনে সময়োপযোগী পদক্ষেপৰ উচ্চ প্ৰশংসা কৰে ।

Also Read: দেশজুৰি জ্বলাই দিয়া হ'ল ২৪১৬ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ : অসমতো দাহন বুজন পৰিমাণৰ ড্ৰাগছ

dhakuakhana